/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/d1d18308-2bb7-4f24-9a2b-1ebfbf7df810/tripura.jpg)
ডিজিটেল ডেস্ক : ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী বিপ্লৱ দেব এইবাৰ ৰাজ্যসভাৰ দৌৰত | ভাৰতীয় জনতা পাৰ্টীৰ ত্ৰিপুৰাৰ মনোনীত প্ৰাৰ্থী ৰূপে অৱতীৰ্ণ হ'ব বিপ্লৱ দেব । এই ঘোষণাৰ কিছু সময় পূৰ্বেই বিপ্লৱ দেবক দিয়া হৈছিল বিজেপি দলৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত বিষয়াৰ দ্বায়িত্ব হাৰিয়ানা ৰাজ্যৰ বাবে ।
২০১৮ চনত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ জনপ্ৰিয়তাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বিজেপিৰ আধিপত্যৰ সূচনা কৰাত যথেষ্ট সহায় কৰিছিল দলটোক । ত্ৰিপুৰাত ২৫ বছৰীয়া বাওঁপন্থী শাসনৰ বেহু ভাঙি প্ৰৱেশ কৰিছিল বিজেপি ।
২০১৮ চনৰ ৯ মাৰ্চত ত্ৰিপুৰাৰ দশম মুখ্য মন্ত্ৰী ৰূপে শপত গ্ৰহন কৰি ২০২২ চনৰ ১৪ মে' লৈ কাৰ্য নিৰ্বাহ কৰিছিল মন্ত্ৰীজনে ।
উল্লেখ্য যে, দেশৰ নিৰ্বাচন কমিটীয়ে মানিক সাহাৰ পদৰ বাবে ইতিমধ্যেই ৰাজ্য সভাৰ পুনৰ্নিবাচনৰ দিন ঘোষণা কৰিছে । সেই অনুসাৰে চলিত বৰ্ষৰ ২২ ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব এই নিৰ্বাচন ।