মেঘালয়ৰ সৎসংগ নগৰত ডেৰ শতাধিক অসমীয়া পৰিয়ালৰ দুৰ্গোৎসৱ আয়োজন

মেঘালয়ৰ সৎসংগ নগৰত ডেৰ শতাধিক অসমীয়া পৰিয়ালৰ দুৰ্গোৎসৱ আয়োজন
মেঘালয়ৰ সৎসংগ নগৰত ডেৰ শতাধিক অসমীয়া পৰিয়ালৰ দুৰ্গোৎসৱ আয়োজন
Published on
Updated on

ডিজিটেল সংবাদ মানকাচৰঃ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ হেলিডেগঞ্জ সৎসংগ নগৰত ডেৰ শতাধিক অসমীয়া পৰিয়ালে এইবাৰ প্ৰথমবাৰৰ বাবে দুৰ্গাপূজাৰ আয়োজন কৰিছে। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি গৃহহীন হোৱা ডেৰ শতাধিক পৰিয়াল ১৯৯২ চনৰ পৰাই মেঘালয়ৰ সৎসংগ নগৰত আশ্ৰয় ল'বলৈ আৰম্ভ কৰিছিল।

তেতিয়াৰ পৰাস্থায়ী ভাৱে বসবাস কৰা পৰিয়াল কেইটা অসমতে দুৰ্গোৎসৱ অনুষ্ঠিত কৰে যদিও এইবেলি নিজাববীয়াকৈ প্ৰথম বাৰৰ বাবে দুৰ্গা পূজাৰ আয়োজন কৰিছে। ইতিমধ্যে দেৱী প্ৰতিষ্ঠাৰ বাবে পূজা মণ্ডপত প্ৰতিমা অনা হৈছে।

আজি সন্ধিয়া বেলবৰণ হোৱাৰ পাছত কাইলৈ মণ্ডপত প্ৰতিমা প্ৰতিষ্ঠা কৰা হ'ব। ডেৰ শতাধিক পৰিয়ালৰ ঘৰে ঘৰে পিঠা-পনা প্ৰস্তুতত ব্যস্ততা দেখা পোৱা গৈছে।

মেঘালয়ৰ সৎসংগ নগৰত ডেৰ শতাধিক অসমীয়া পৰিয়ালৰ দুৰ্গোৎসৱ আয়োজন
অৰুণাচলত একেলগে ৯ খনকৈ বাহন দুৰ্ঘটনাগ্ৰস্ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in