/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/44252f58-c1f5-47ff-a22e-d9cfa881fa99/drcfdf.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য মণিপুৰত বুজন পৰিমাণৰ নিষিদ্ধ মাদক দ্ৰব্য জব্দ। পৃথক পৃথক স্থানত অভিযান চলাই অসম ৰাইফলছে উদ্ধাৰ কৰে প্ৰায় ৫ কোটি ৮৪ লাখ টকাৰ হেৰ’ইন আৰু পপি (POPPPY) ।
শনিবাৰ আৰু দেওবাৰে মনিপুৰৰ চাণ্ডেল জিলাৰ ট্ৰেক জংচন আৰু খুলমুলেন গাঁৱত অভিযান চলাই এটা পৰিত্যক্ত বেগ আৰু এখন দুচকীয়া বাহনৰ পৰা জব্দ কৰে হেৰ'ইন আৰু পপি খিনি। অভিযানত মুঠ ১০.৬৪২ কেজি হেৰ’ইন জব্দ কৰাৰ বিপৰীতে পপি জব্দ কৰা হয় ৮.২৬০ কিলোগ্ৰাম।
জব্দকৃত হেৰ''ইনৰ মূল্য ৫.৩৮ কোটি আৰু পপি খিনিৰ মুল্য ৫৬ লাখ টকা বুলি সদৰি কৰিছে অসম ৰাইফলছে। পিছত জব্দকৃত মাদকদ্ৰব্য সমূহ চকপিকাৰং থানাত গতাই দিয়া হয়।
Also Read: মণিপুৰ চৰকাৰক কৰা সমৰ্থন প্ৰত্যাহাৰৰ সিদ্ধান্ত সহযোগী দলৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us