অসম ৰাইফলছ- মণিপুৰ আৰক্ষী অভিযান : বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী জব্দ

অসম ৰাইফলছ- মণিপুৰ আৰক্ষী অভিযান : বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী জব্দ

author-image
Asomiya Pratidin
New Update
অসম ৰাইফলছ- মণিপুৰ আৰক্ষী অভিযান : বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী জব্দ

ডিজিটেল সংবাদ, শিলচৰ : অশান্ত জৰ্জৰ চুবুৰীয়া ৰাজ্য  মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত আছে। ৰাজ্যখনৰ বিষ্ণুপুৰ, ইম্ফল পূৱ আৰু চুৰাচান্দপুৰ জিলাৰ বিভিন্ন স্থানত অভিযান চলাই বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে নিৰাপত্তা বাহিনীয়ে।

Advertisment

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে বিগত ২৪ ঘণ্টাত  অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে চলাইছিল অভিযান। এই অভিযানত বিষ্ণুপুৰ জিলাৰ কেইনৌ মানিঙৰ পৰা এটা এছ এম জি কাৰ্বাইন, মেগজিনৰ সৈতে এটা  নাইন এম এম  পিষ্টল, এটা পম্পি শ্বেল, ৭টা আই এল ইউ শ্বেল, আই এন এছ এছ মেগজিনৰ সৈতে ৬টা  সতেজ গুলি, এটা এছ এল আৰ মেগজিন জব্দ কৰে। ইয়াৰোপৰি ৯টা গ্ৰেনেড, ৩টা  ডিটনেটৰ, ৪২ টা গুলীসহ বহুতো বিষ্ফোৰক সামগ্ৰী জব্দ কৰা বুলি জানিব পৰা গৈছে।

আনহাতে, ইম্ফল পূব জিলাৰ সনাছাবি নাটুম চিঙত অভিযান চলাই বিদেশত নিৰ্মিত এটা  থ্ৰি জিৰো থ্ৰি ৰাইফল, ৪টা কান্ত্ৰি মেড থ্ৰি জিৰো থ্ৰি ৰাইফল, ২টা ১২-ব’ৰ গান, ৩টা  হেভি মৰ্টাৰ জব্দ কৰে। একেদৰে উক্ত অভিযানত মেগজিনৰ সৈতে এটা নাইন এম এম পিষ্টল, ৬টা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ বোমা,  ২টা হেণ্ড গ্ৰেনেড আৰু ৮২টা  সক্ৰিয় গুলি জব্দ কৰে নিৰাপত্তা বাহিনীয়ে।

ইফালে চুৰাচান্দপুৰ জিলাৰ চাইডান গাঁৱত অভিযান চলাই ৩টা দেশত নিৰ্মিত এছ বি এম এল অস্ত্ৰ জব্দ কৰে।

Also Read: এগৰাকী নহয়, দুগৰাকীক পাতিব লাগিব বিয়া! নহ'লে যাৱজ্জীৱন জেল..

Illegal Weapons assam rifles manipur police