NNGP আৰু ভাৰত চৰকাৰৰ সৈতে একেখন মঞ্চত আলোচনাত ন’বহে NSCN (IM) :বিফল হ’ব নেকি আলোচনা…

NNGP আৰু ভাৰত চৰকাৰৰ সৈতে একেখন মঞ্চত আলোচনাত ন’বহে NSCN (IM) :বিফল হ’ব নেকি আলোচনা…

author-image
asomiyapratidin
New Update
NNGP আৰু ভাৰত চৰকাৰৰ সৈতে একেখন মঞ্চত আলোচনাত ন’বহে NSCN (IM) :বিফল হ’ব নেকি আলোচনা…

ডিজিটেল সংবাদ ৱাখাঃ নগা ৰাজনৈতিক সমস্যা সমাধানৰ ক্ষেত্ৰত পুনৰ জটিলতাই দেখা দিছে, কিয়নো নগা বিদ্ৰোহী সংগঠন এন এছ চি এন মুইভা গোটে নগা নেচনেল পলিটিকেল গ্ৰুপ আৰু ভাৰত চৰকাৰৰ সৈতে একেখন মঞ্চত হ'ব লগা পৰৱৰ্তী আলোচনাত ভাগ নোলোৱাৰ কথা ঘোষণা কৰিছে । বৃহস্পতিবাৰে কেম্প হেব্ৰনৰ পৰা এন এছ চি এনৰ জি পি আৰ এন চৰকাৰৰ গৃহমন্ত্ৰ্যালয়ে জাৰি কৰা এক প্ৰেছবাৰ্তাত কয় যে, নগা ৰাজনৈতিক সমস্যা সমাধানৰ বাবে এন এছ চি এনৰ সৈতে ভাৰত চৰকাৰৰ চলি থকা আলোচনাত যদি নগা পলিটিকেল গ্ৰুপে অংশগ্ৰহণ কৰে তেনেহলে তেওঁলোক সেই আলোচনাৰ পৰা আঁতৰি আহিব ।

Advertisment

এন এছ চি এন আই এমে কয় যে, যদি নগা সমস্যা সমাধানৰ ক্ষেত্ৰত এন এন জি পিয়ে ভাৰত চৰকাৰৰ সৈতে ২০১৭ চনত সম্পাদিত এগ্ৰি পইণ্ট চুক্তি অনুসৰি সমাধানৰ ইচ্ছুক তেনেহলে এন এছ চি এন মুইভা গোটে ভাৰত চৰকাৰ, এন এন জি পিৰ সৈতে একেখন মঞ্চত হ'বলগা পৰৱৰ্তী আলোচনাত অংশগ্ৰহণ নকৰে । এন এন জি পিয়ে এগ্ৰি পইণ্ট বা সহমত চুক্তি স্বাক্ষৰৰ জৰিয়তে ভাৰত চৰকাৰৰ সৈতে নগা সমস্যা সমাধান কৰিবলৈ নগাসকলে ১৯২৯ চনৰ ছাইমন কমিছনৰ মেমৰিয়াডাভ, ১৯৪৭ চনৰ ইডিপেণ্ডেন্স ডিক্লেৰছন আৰু ১৯৫১ চনৰ নগা গনভোক বিশ্বাসঘাতক কৰা হ'ব । হেৰুৱাব নগা জাতীয়তা আৰু ৰাজনৈতিক পৰিচয় । এন এছ চি এনে নগা জাতিৰ বাবে যি কঠিন সংগ্ৰামৰ কৰিছে ইতিহাসে এদিন নগা ছহিদৰ সেই আত্মবলিদানক ন্যায় প্ৰদান কৰিব ।

উল্লেখযোগ্য যে, ভাৰত চৰকাৰে এন এছ চি এন আই এমৰ লগতে অন্য ৭ বিদ্ৰোহী গোটক মতপাৰ্থক্য দূৰ কৰি একখনে নগা চুক্তি কৰিবলৈ আহবান জনাইছিল । প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙৰ এন এছ ছি এন আৰু নগা নেচনেল পলিটিকেল গ্ৰুপ ভাৰত চৰকাৰৰ সৈতে একেলগে আলোচনাত বহিবলৈ সন্মত হৈছিল । ইফালে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ', উপ-মুখ্যমন্ত্ৰী ৱাই পেট্টন , প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙ আৰু ৰাজ্যসভাৰ সাংসদ এছ ফাংনান কন্যাকে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি ২০২৩ চনৰ নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৰ্তমান স্থবিৰ হৈ থকা নগা শান্তি আলোচনা পুনৰ আৰম্ভ কৰি নগা ৰাজনৈতিক সমস্যাৰ সমাধান কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আহবান জনোৱাৰ পাছতে কেন্দ্ৰৰ নিৰ্দেশত নগা শান্তি আলোচনাৰ নতুন মধ্যস্ততাকাৰী এ কে মিশ্ৰই অহা ১৮ এপ্ৰিলত এসপ্তাহজোৰা ভ্ৰমণ সূচীৰে ডিমাপুৰত উপস্থিত হ'ব ।

জানিব পৰা মতে এ কে মিশ্ৰই ছুমুকেডিমা আৰক্ষী নিবেশ অতিথিশালাত এন এছ চি এনৰ মুৰব্বী থুইংগালেং মুইভা আৰু ৭ টা বিদ্ৰোহী সংগঠনৰ সমূহ নগা নেচনেল পলিটিকেল গ্ৰুপৰ সৈতে আসন্ন নগা ৰাজনৈতিক সমস্যা সমাধানৰ বাবে পৃথকে পৃথকে আলোচনাত মিলিত হব ।

ক্লিক কৰি পঢ়কঃৰজাই কৰিলে লীলা, প্ৰজাই কৰিলে ধৰি বান্ধি কিলাঃ অতুল বৰাৰ বাইক ৰেলীত ধোঁৱা চাঙত যান-বাহন আইন…