ৰজাই কৰিলে লীলা, প্ৰজাই কৰিলে ধৰি বান্ধি কিলাঃ অতুল বৰাৰ বাইক ৰেলীত ধোঁৱা চাঙত যান-বাহন আইন…

ৰজাই কৰিলে লীলা, প্ৰজাই কৰিলে ধৰি বান্ধি কিলাঃ অতুল বৰাৰ বাইক ৰেলীত ধোঁৱা চাঙত যান-বাহন আইন…

ডিজিটেল ডেস্কঃ এইখন অসমত আইন কেৱল সাধাৰণ জনতাৰ বাবেহে ! মন্ত্ৰী, বিধায়কে যি ইচ্ছা তাকেই কৰিব পাৰে ! মন্ত্ৰী, বিধায়ক তথা ৰাজনৈতিক নেতা, পালিনেতাক স্পৰ্শ কৰিব নোৱাৰে আইনে! এইয়া আমাৰ কথা নহয়। এইয়া আজিৰ দিনটোত গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাধাৰণ লোকে সামাজিক মাধ্যম যোগে প্ৰকাশ কৰা মনৰ কথা।

শেহতীয়াকৈ ৰাজ্যৰ পৰিবহন বিভাগে যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে তীব্ৰ কৰিছে অভিযান। যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে পূৰ্বতকৈ অধিক কঠোৰ হৈছে প্ৰশাসন। গুৱাহাটী মহানগৰ জিলাৰ যান-বাহন আৰক্ষীৰ লগতে সমগ্ৰ ৰাজ্যতে যান-বাহন আইন ভংগ কৰা কলৰ পৰা অভিলেখ সংখ্যক হাৰত সংগ্ৰহ কৰিছে জৰিমনা।

দুচকীয়া, চাৰিচকীয়া কোনো বাহন বাদ দিয়া নাই আৰক্ষীয়ে। যিসমূহ নীতি-নিয়ম কঠোৰ ভাৱে পৰ্যবেক্ষণ কৰা হৈছে তাৰ ভিতৰত অন্যতম দুচকীয়া বাহনৰ চালকৰ লগতে আৰোহীৰো হেলমেট পৰিধান কৰা বাধ্যতামূলক নিয়ম। যিয়েই এই আইন ভংগ কৰিছে তেওঁৰ বিৰুদ্ধেই কঠোৰ হৈছে যান-বাহন আৰক্ষী। আনহে নালাগে কামৰূপ মহানগৰ জিলাৰ ডি টি অ' গৌতম দাসে নিজেই ৰাজপথত নামি এই অভিযান তীব্ৰ কৰিছে।

এনে সময়তে শনিবাৰে জালুকবাৰীত দেখা গ'ল এক বিশেষ দৃশ্য। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ তুংগত হৈ থকাৰ মাজতে অগপ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ৰঞ্জন পাটোৱাৰীৰ সপক্ষে উলিয়াইছিল এক বাইক ৰেলী। বুলেট চলাই ভালপোৱা অতুল বৰাই পূৰ্বেও বিধানসভা, লোকসভাৰ নিৰ্বাচনত বাইক ৰেলীত অংশগ্ৰহণ কৰিছে।

ব্যতিক্ৰম নহ'ল এইবাৰৰ জি এম চিৰ নিৰ্বাচনো। ১ নং ৱাৰ্ডৰ প্ৰাথীজনৰ সমৰ্থনত বাহিৰ কৰা বাইক ৰেলীত ডিঙিত গামোচা লৈ বুলেট চলোৱা অৱস্থাত দেখা গ'ল অতুল বৰাক। কিন্তু এইগৰাকী মন্ত্ৰীৰ নেতৃত্বত বাহিৰ হোৱা এই বাইক ৰেলীত সকলোৱেই ভংগ কৰিলে যান-বাহন আইন। মন্ত্ৰী অতুল বৰাই নিজেই হেলমেট পৰিধান নকৰাকৈ বুলেট চলাই আইন ভংগ কৰি যেন সকলোৰে সম্মুখত এক আদৰ্শ হে দাঙি ধৰিলে।

কিয়নো ৰেলীত অংশগ্ৰহণ কৰা প্ৰায় সংখ্যক সমৰ্থকেই বাইক চলোৱা সময়ত পৰিধান নকৰিলে হেলমেট। নামমাত্ৰ কেইজন মানে হেলমেট পৰিধান কৰিলে যদিও তেওঁলোকৰ বাইকৰ আৰোহী কেইজনে কিন্তু পৰিধান নকৰিলে হেলমেট। অতুল বৰাই নিজেই এই ৰেলীৰ কেইবাখনো ফটো টুইটাৰৰ জৰিয়তে প্ৰচাৰ কৰিছে। অতুল বৰাৰ উপৰিও এই বাইক ৰেলীত অংশগ্ৰহণ কৰিছিল বিধায়ক পুনাকন বৰুৱাই।

এতিসা স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে আইন কেৱল সাধাৰণ জনতাৰ বাবেহে নেকি? মাত্ৰ কেইটমান দিনৰ পূৰ্বে যান-বাহন আইন ভংগ কৰি জৰিমনা ভৰিব নোৱাৰি এইখন মহানগৰীৰে বাইক চালকে আত্মহত্যা কৰাৰ দৰে ঘটনা সংঘটিত হৈছে। তেনে প্ৰেক্ষাপটত আইন প্ৰণেতা হিচাপে অতুল বৰাই আইন কিদৰে মানি চলিব লাগে সেই বিষয়ে আদৰ্শ প্ৰতিষ্ঠা কৰাৰ বিপৰীতে আইন ভংগ কৰি এইদৰে ৰেলী কৰা বিষয়টোৱে স্বাভাৱিকতে চৰ্চাৰ কাৰণ হৈ পৰিছে।

সামাজিক মাধ্যমত অতুল বৰাক এই কাৰ্যৰ বাবে বহুতেই সমালোচনা কৰিছে। বহুতেই আকৌ প্ৰশ্ন কৰিছে কামৰূপ মহানগৰ যান-বাহন আৰক্ষীয়ে শাসকদলৰ এইসকল সমৰ্থকৰ বিৰুদ্ধে জৰিমনা বিহিব পাৰিবনে? আন একাংশই আকৌ প্ৰশ্ন তুলিছে যান-বাহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সতিৰ্থ মন্ত্ৰী অতুল বৰাক এই বিষয়ে প্ৰশ্ন কৰিবলৈ সাহস কৰিবনে? সেয়া যিয়েই নহওক মন্ত্ৰী অতুল বৰাৰ এই বাইক ৰেলী শনিবাৰৰ দিনটোত হৈ পৰিল সামাজিক মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in