মেঘালয়ৰ সোণাপুৰত পুনৰ ভূমিস্খলন: পথতেই আৱদ্ধ যাত্ৰী...

মেঘালয়ৰ সোণাপুৰত পুনৰ ভূমিস্খলনৰ ঘটনা। ৬নং ৰাষ্ট্রীয় ঘাইপথৰ সুৰংগ পথত সংঘটিত হৈছে এই ঘটনা

author-image
Asomiya Pratidin
New Update
মেঘালয়ৰ সোণাপুৰত পুনৰ ভূমিস্খলন: পথতেই আৱদ্ধ যাত্ৰী...

ডিজিটেল ডেস্ক : মেঘালয়ৰ সোণাপুৰত পুনৰ ভূমিস্খলনৰ ঘটনা। ৬নং ৰাষ্ট্রীয় ঘাইপথৰ সুৰংগ পথত সংঘটিত হৈছে এই ঘটনা। যাৰ ফলত কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰে যাতায়াত। যাতায়াত স্তব্ধ হৈ পৰাৰ বাবে পথতে আবদ্ধ হয় বহু যাত্ৰী।

Advertisment

অৱশ্যে ইতিমধ্যেই আৰক্ষী আৰু ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ কৰ্তৃপক্ষই মুকলি কৰিছে উক্ত পথছোৱা। যাত্রীসকলক বাহন চলোৱাৰ সময়ত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান কৰিছে কৰ্তৃপক্ষই। বিগত দুদিন ধৰি ধাৰাবাহিক বৃষ্টিপাত হোৱাৰ ফলতেই এই ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

Also Read: মাধমাৰ; অভাৱনীয় হাৰত বৃদ্ধি পাইছে চাউলৰ মূল্য...

assam-meghalaya Silchar