অসম -অৰুণাচল সীমা বিবাদ নিস্পত্তিৰ আলোচনাৰ বাবে ৰাংৰিংকানত উপস্থিত অসমৰ মন্ত্ৰী অতুল বৰা…

অসম -অৰুণাচল সীমা বিবাদ নিস্পত্তিৰ আলোচনাৰ বাবে ৰাংৰিংকানত উপস্থিত অসমৰ মন্ত্ৰী অতুল বৰা…

author-image
asomiyapratidin
New Update
অসম -অৰুণাচল সীমা বিবাদ নিস্পত্তিৰ আলোচনাৰ বাবে ৰাংৰিংকানত উপস্থিত অসমৰ মন্ত্ৰী অতুল বৰা…

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে কেইবা দশকজুৰি চলি থকা সীমা বিবাদ নিস্পত্তিৰ ক্ষেত্ৰত অসম চৰকাৰে শেহতীয়াকৈ চুবুৰীয়া ৰাজ্য সমূহৰ সৈতে আলোচনা আৰম্ভ কৰাৰ সমান্তৰালকৈ সীমামূৰীয়া অঞ্চলসমূহো পৰিদৰ্শন কৰিছে। অসম -অৰুণাচল প্ৰদেশৰ সীমা সমস্যাক লৈ দুয়োখন ৰাজ্যৰ মাজত নামচাই ঘোষণা পত্ৰৰ পাছত শণিবাৰে দ্বিতীয় বাৰ দুয়োখন ৰাজ্যৰ মন্ত্ৰীয়ে যুটিয়া ভাৱে অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অসম- অৰুণাচল সীমান্তৱৰ্তী ৰাংৰিঙকান অঞ্চল পৰিৰ্দশন কৰি স্থানীয় ৰাইজ, গাওঁবুঢ়া সকলৰ সৈতে মত বিনিময় অনুস্থিত হোৱা আলোচনা কালত অসমৰ হৈ মন্ত্ৰী অতুল বৰাই তিনিচুকীয়া জিলা আৰু চাংলাং জিলাৰ সীমান্তৱৰ্তী বিবাদমান এলেকাসমূহ পৰিদৰ্শন কৰাৰ লগতে স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰে।

Advertisment

দুয়োখন ৰাজ্যৰ মাজৰ সীমা সমস্যাৰ ফলপ্ৰসূ সমাধান লাভৰ বাবে দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতি দুখনৰ মাজত এখন বৈঠকো শণিবাৰে আবেলি অনুষ্ঠিত হয়। এই আলোচনা কালত মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, অৰুণাচল প্ৰদেশ বিধানসভাৰ উপাধ্যক্ষ টেচাম পংটে, অৰুণাচলৰ মন্ত্ৰী কামলুং মুচেং, অৰুণাচল প্ৰদেশৰ বিধায়ক লাইচাম সিমাই আৰু ফুসুম খিমচান, তিনিচুকীয়াৰ অভিভাৱক সচিব অনন্ত লাল জ্ঞানী, উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

আলোচনাৰ কালত অৰুণাচলৰ কেইবাখনো বিতৰ্কিত গাওঁ‌ৰ গাওবুঢ়াই কেৱল ৰাংৰিংকান গাৱঁখনেই নহয় বৰ্তমান অসমৰ হাতত থকা জাগুন, মালৌপাহাৰ, লিডুৰ এক বৃহৎ অঞ্চল অৰুণাচলৰ বুলি মুকলিকৈ সভাত দাবী কৰে যদিও সমগ্ৰ বিতৰ্কিত বিষয়ৰ গাওঁ‌ বা এলেকা সমূহৰ নাম নামচাই ঘোষণা পত্ৰত নথকাতো তাৎপৰ্য বহন কৰিছে।

অৱশ্যে দুয়োখন ৰাজ্যৰ মন্ত্ৰী তথা সমিতিৰ অধ্যক্ষ সকলে আলোচনা কৰি অহা ১৫ ছেপ্তম্বৰৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী তথা চৰকাৰক প্ৰতিবেদন দাখিল কৰিব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, অৰুণাচলৰ গাওঁবুঢ়া প্ৰমুখ্যে একাংশ দল -সংগঠনে মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন অঞ্চল নিজৰ বুলি দাবী কৰাৰ সন্দৰ্ভত অসম চৰকাৰে কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেইয়া লক্ষণীয় হোৱাৰ লগতে অসমৰ দল সংগঠন সমূহে কেনেধৰণৰ স্থিতি প্ৰকাশ কৰে সেইয়াও লক্ষণীয় হৈ পৰিব।

আৰু পঢ়কঃ সোণাই ৰূপাইত ২ লাখ অবৈধ বেদখলকাৰী ! কিয় কৰা নহয় উচ্ছেদ? ভোট বেংকৰ বাবেই ৰাষ্ট্ৰপতিৰ পত্ৰকো অৱজ্ঞা…

assam himanta biswa sarma ATUL BORA arunachal govt