উলংঘা সীমা চুক্তি : অসমৰ সীমাত অৰুণাচলীৰ আগ্ৰাসন...

অসম-অৰুণাচল সীমাৰ চুক্তি উলংঘা অৰুণাচলীৰ ৷ অৰুণাচলীয়ে অসমৰ ভূমি দখল কৰি নিৰ্মান কৰিছে ঘৰ ৷
উলংঘা সীমা চুক্তি : অসমৰ সীমাত অৰুণাচলীৰ আগ্ৰাসন...

ডিজিটেল সংবাদ : অসম-অৰুণাচলৰ সীমাক লৈ পুনৰ সংঘাত হোৱাৰ আংশকা বৃদ্ধি পাইছে ৷ অলপতে চিজোচাত অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰৰ মাজত আলোচনাৰ মাজেৰে এক চুক্তি সম্পাদিত হৈছিল ৷ পিছে এই সীমা বিবাদ মীমাংসা কৰাৰ পাছত পুনৰ অৰুণাচলীয়ে অসমৰ মাটি বেদখল কৰি ঘৰ-দুৱাৰ নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে ৷

বুধবাৰে অৰুণাচলীয়ে অসমৰ মাটি বেদখল কৰা ঘিলাধাৰী অঞ্চল পৰিদৰ্শন কৰে নদুৱাৰ ৰাজহ চক্ৰ বিষয়া আকাশদ্বীপ কাকতি, ডিপলোঙা বনাঞ্চলিক বিষয়া বাপুকন বসুমতাৰী আৰু চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি তথা ৰিজনেল কমিটীৰ সদস্য লক্ষীকান্ত বৰাৰ লগতে চতিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামলজ্যোতি শইকীয়াৰ নেতৃত্বত এটি বৃহৎ আৰক্ষী অৰ্দ্ধ সামৰিক বাহিনীৰ দলে ৷

অসম-অৰুনাচল সীমান্তৱৰ্তী সমগ্ৰ ঘিলাধাৰী অঞ্চল পৰিভ্ৰমণ কৰি অসমৰ ভূমি বেদখলকাৰী সকলক তথা চুক্তি উলংঘা কৰা অৰুণাচলী সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে পৰিভ্ৰমণকাৰী দলটোৱে ৷

উলংঘা সীমা চুক্তি : অসমৰ সীমাত অৰুণাচলীৰ আগ্ৰাসন...
এইবাৰ লখিমপুৰ, শিৱসাগৰ, শিলচৰ, হাফলঙতো হ'ব "অসম গ্ৰন্থমেলা"...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in