/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/b5ebeb82-8afc-4eb5-921e-366e8ee6788c/Assam_Arunachal.jpg)
ডিজিটেল ডেস্ক : লখিমপুৰৰ অসম-অৰুণাচল সীমান্তৰ ৰামপুৰত পুনৰ উত্তেজনা। অসমৰ বনাঞ্চল ধ্বংস কৰি থাকোতে বন বিভাগ তথা অসম আৰক্ষীয়ে বাধা প্ৰদান কৰাত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। বাধা দিবলৈ যোৱা বনবিভাগ আৰু আৰক্ষীক দলটোক খেদি আহে অৰুণাচলীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/03a1d30f-d362-46ee-bb41-f77dd88dd2c3/WhatsApp_Image_2023_06_17_at_3_48_20_PM.jpeg)
হাতে-হাতে বন্দুক, দা-লাঠী লৈ অৰুণাচলীয়ে খেদি পঠাই অসমৰ টহলদাৰি দলটোক। প্ৰাণৰক্ষা কৰি কোনোমতে পলাই আহে উক্ত তহলদাৰী দল। উল্লেখ্য, দলটোত আছিল লখিমপুৰৰ ডি এফ অ' লগতে এগৰাকী উপ-আৰক্ষী অধীক্ষক। বিষয়াদ্বয়ৰ নেতৃত্বত যোৱা দলটোক খেদি পঠায় অৰুণাচলী দুৰ্বৃত্তই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/847fb90a-24ca-49ad-8b15-a49d59c0fddf/WhatsApp_Image_2023_06_17_at_4_29_08_PM.jpeg)
ৰামপুৰৰ ২নং বেল'বস্তি জুটুলী বাগানত সংঘটিত হৈছে এই ঘটনা। পূৰ্বেও একেস্থানত অসমৰ বনবিভাগক উদ্দেশ্যি গুলীচালনা কৰিছিল অৰুণাচলীয়ে। এই ঘটনাই এতিয়া পুনৰ বাৰ দুয়োখন ৰাজ্যৰ সীমামূৰীয়া অঞ্চলত সৃষ্টি কৰিছে উত্তেজনাৰ।
Also Read: ধেমাজিৰ চিমেন চাপৰিত ড্ৰাগছৰ বিৰুদ্ধে ঐক্যবদ্ধ ৰাইজ, ল'লে কেইবাটাও সিদ্ধান্ত...