চৰকাৰী চাকৰিৰ প্ৰশ্ন কাকত লাখ লাখ টকাত বিক্ৰী! উত্তপ্ত অৰুণাচলৰ ৰাজধানী

অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগে যোৱা ছেপ্টেম্বৰ মাহত আয়োজন কৰা সহকাৰী অভিযন্তা লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত লাখ লাখ টকাত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছিল।

author-image
Asomiya Pratidin
New Update
চৰকাৰী চাকৰিৰ প্ৰশ্ন কাকত লাখ লাখ টকাত বিক্ৰী! উত্তপ্ত অৰুণাচলৰ ৰাজধানী

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগে যোৱা ছেপ্টেম্বৰ মাহত আয়োজন কৰা সহকাৰী অভিযন্তা লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত লাখ লাখ টকাত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছিল। তাৰ ভিত্তিতেই শুকুৰবাৰে ৰাজধানী ইটানগৰত চাকৰি-প্ৰত্যাশী আৰু অভিভাৱকৰ প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰে।

Advertisment

আয়োগৰ খোদ পৰীক্ষা নিয়ন্ত্ৰকেই প্ৰাৰ্থীৰ পৰা ধন লৈ প্ৰশ্ন কাকত বিক্ৰী কৰাৰ অভিযোগ কৰিছিল এজন প্ৰাৰ্থীয়ে। তাৰ পাছত অৰুণাচল প্ৰদেশ চৰকাৰে বিশেষ অনুসন্ধান কোষৰ দ্বাৰা তদন্ত কৰাত এজন এজনকৈ চল্লিছৰ অধিক বিষয়া-কৰ্মচাৰী-অভিভাৱকক গ্ৰেপ্তাৰ কৰে।

আয়োগৰ অধ্যক্ষ সহ তিনিজনকৈ সদস্যক অপসাৰণ কৰা হয়। কিন্তু প্ৰাৰ্থীত্ব প্ৰয়াসী ছাত্ৰ-ছাত্ৰীয়ে আয়োগৰ সংস্কাৰৰ দাবীত আন্দোলন চলাই গৈছিল। বৃহস্পতিবাৰে এক সমদলো বাহিৰ কৰিছিল প্ৰতিবাদকাৰী সকলে। চৰকাৰে ১৮ গৰাকী আবেদনকাৰীৰ মাজৰ পৰা ৬১ বছৰীয়া এগৰাকী প্ৰাক্তন সেনা বিষয়াক অধ্যক্ষ পদৰ বাবে বাচনি কৰিছিল। অধ্যক্ষ পদৰ বাবে ৬২ বছৰ বয়সৰ সৰ্বোচ্চ সীমা হোৱা বাবে এইগৰাকী বিষয়াই মাত্ৰ এবছৰহে অধ্যক্ষ হৈ থাকিব পাৰিব।

অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল শান্তনু দয়ালে শুকুৰবাৰে বিয়লি ৩ বজাত ইটানগৰৰ ৰাজভৱনত অধ্যক্ষৰ শপত গ্ৰহণ কৰাৰ কথা আছিল। চৰকাৰৰ এই সিদ্ধান্তত অসন্তুষ্ট প্ৰতিবাদকাৰীসকলে আজিৰে পৰা তেওঁলোকৰ দাবী পূৰণৰ দাবীত অনিৰ্দিষ্ট কাললৈ ইটানগৰ কেপিটেল জিলা বন্ধ ঘোষণা কৰে।

ৰাজধানী ইটানগৰ চাকৰি প্ৰত্যাশী আৰু সৰ্বসাধাৰণ জনতাই সমদল কৰি ৰাজভৱন ঘেৰাও কৰিবলৈ আগবাঢ়ে। আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দলে প্ৰতিবাদকাৰী সকলক আগভেটি ধৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে । আৰক্ষীলৈ প্ৰতিবাদকাৰীয়ে শিলগুটি নিক্ষেপ কৰাত নিৰাপত্তাৰক্ষীয়েও ওলোটাই প্ৰতিবাদকাৰীলৈ শিলগুটি নিক্ষেপ কৰে। এই ঘটনাত কেইবাজনো প্ৰতিবাদকাৰী আহত হয়। আনহাতে সচিবালয়ৰ দিশেও বহু প্ৰতিবাদকাৰী অগ্ৰসৰ হয়।

পৰিস্থিতি ইমানেই বিষম হৈপৰে যে আৰক্ষীয়ে প্ৰতিবাদকাৰীলৈ কন্দুৱা গেছৰ গোলা নিক্ষেপ কৰাত দুগৰাকী মহিলা সহ কেইবাজনো প্ৰতিবাদকাৰী আহত হয়। ইপিনে প্ৰতিবাদকাৰীৰ এই উগ্ৰমূৰ্তি দেখি মুখ্যমন্ত্ৰী পেমা খান্দুৱে ততালিকে এক কেবিনেট বৈঠক অনুষ্ঠিত কৰি আজি অনুষ্ঠিত হ'ব লগা আয়োগৰ অধ্যক্ষৰ শপত গ্ৰহণ অনুষ্ঠানৰ লগতে অধ্যক্ষৰ নিযুক্তি প্ৰক্ৰিয়াটো বাতিল কৰিবলৈ বাধ্য হয়।

উল্লেখ্য যে অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰশ্ন কাকত বিক্ৰী কৰাৰ গোচৰটো চি বি আইলৈ হস্তান্তৰ কৰাৰ পাছৰে পৰা গোচৰটোৰ তদন্ত স্থবিৰ হৈ পৰে। অহা ২০ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশৰ ৰাজ্য প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ ইটানগৰলৈ আহিব। তাৰ দুদিন পূৰ্বে ৰাজধানী ইটানগৰ তেজেৰে ৰাঙলী হৈ পৰিল।

এনে পৰিস্থিতিত সততে চৰকাৰ ভঙা-পতা হৈ থকা অৰুণাচল প্ৰদেশৰ ৰাজনীতিয়ে কি মোৰ লয় সেয়া লক্ষ্যণীয় হ'ব। বিজেপিৰ একাংশ শক্তিশালী নেতাই পেমা খান্দুক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণৰ বাবে তৎপৰ হৈছে বুলিও খবৰ ওলাইছে। যিকোনো মুহূৰ্তত এই প্ৰতিবাদে ৰাজনৈতিক মোৰ লোৱাৰো সম্ভাৱনা আছে। এতিয়াও হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে পেমা খান্দু চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি ৰাজপথ মুখৰ কৰি ৰাখিছে। ইটানগৰৰ, নাহৰলগুন, নিৰজুলি আদি ঠাইৰ সকলো‌ দোকান-পোহাৰ, চৰকাৰী কাৰ্যালয়, বিদ্যালয়, পথ পৰিবহন বন্ধ হৈ পৰিছে। সাধাৰণ জনতা ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও অৰুণাচল প্ৰদেশৰ লোকসেৱা আয়োগৰ অধ্যক্ষ নিযুক্তি কেন্দ্ৰিক প্ৰতিবাদ দেখা পোৱা গৈছিল ৰাজ্যখনত। প্ৰতিবাদকাৰীয়ে হিংসাত্মক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে অৰুণাচল বিধানসভাত অগ্নিসংযোগ কৰিছিল সেই প্ৰতিবাদৰ সময়ত।

আৰু পঢ়ক: জুইত অতীত হৈ যোৱা ২৫০ বছৰীয়া যোৰহাটৰ চক বজাৰখন...

protest arunachal pradesh