/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/arunachal-12.jpg)
ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশত বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত জাৰি কৰা হৈছে নিশাৰ কাৰ্ফিউ। ১২ জানুৱাৰীৰ পৰা জাৰি কৰা এই নিশাৰ কাৰ্ফিউ নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব। ৰাজ্যখনত জাৰি কৰা এই কাৰ্ফিউৰ বাবে পবিত্ৰ তীৰ্থস্থান পৰশুৰাম কুণ্ড ভ্ৰমণৰ ক্ষেত্ৰত তীৰ্থ যাত্ৰীসকলে পালন কৰিব লাগিব কিছু নীতি নিয়ম।
মাঘৰ বিহুৰ সময়ছোৱাত পৰশুৰাম কুণ্ডলৈ ব্যাপক হাৰত অসমৰ যাত্ৰীৰ সমাগম হয়। সেয়েহে এই সময়ছোৱাত পৰশুৰাম কুণ্ড দৰ্শনৰ বাবে যাব বিচৰা লোকসকলে অৰুণাচল চৰকাৰে জাৰি কৰা সকলো কোভিড প্ৰ'টকল মানি চলিব লাগিব। যিসকলে পৰশুৰাম কুণ্ড দৰ্শন কৰিবলৈ যায় সেইসকল লোকে নিশা ৯ বজাৰ পূৰ্বেই লোহিত আৰু নামচাই জিলাৰ পৰা প্ৰস্থান কৰিব লাগিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/WhatsApp-Image-2022-01-12-at-1.51.18-PM-746x1024.jpeg)
আনহাতে ৰাজ্যখনত সকলোধৰণৰ অফিচ, ৰেষ্টুৰেণ্ট, জিম আদি ৫০ শতাংশ লোকৰ উপস্থিতিৰে খুলিব পাৰিব। ৰাজহুৱা পৰিবহণ, ছুইমিং পুল আৰু চিনেমা গৃহতো ৫০ শতাংশ লোকৰ উপস্থিতিৰ অনুমতি প্ৰদান কৰা হৈছে।
ইফালে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে সকলো কৰ্মচাৰীকে কোভিডৰ দুয়োপালি ভেকচিন প্ৰদান কৰিব লাগিব। সকলো কৰ্মচাৰীয়ে দুটাকৈ ভেকচিন লোৱা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ নিশা ৮ বজালৈকে খুলিব পাৰিব। প্ৰকাশ কৰা এছ অ' পি অনুসৰি ৰাজ্যখনত জনসমাগম আৰু সপ্তাহিক বজাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/WhatsApp-Image-2022-01-12-at-1.51.19-PM-2-737x1024.jpeg)
ইফালে পৰ্যটকৰ বাবেও ৰাজ্য চৰকাৰখনে জাৰি কৰিছে নিৰ্দেশনা। ৰাজ্যখনত বহিঃৰাজ্যৰ লোকৰ প্ৰৱেশৰ ক্ষেত্ৰত বান্ধি দিয়া হৈছে নীতি-নিয়ম। দুটাকৈ ভেকচিন গ্ৰহণ কৰা লোকহে ৰাজ্যখনত প্ৰৱেশ কৰিব পাৰিব। ব্যক্তিগত আৰু চৰকাৰী স্কুল ৩১ জানুৱাৰী পৰ্যন্ত সম্পূৰ্ণৰূপে বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে।
স্কুল সমূহত সপ্তাহৰ ৬ টা দিন অনলাইন ক্লাছ হ'ব আৰু কলেজ তথা বিশ্ববিদ্যালয় আৰু কাৰিকৰী শৈক্ষিক প্ৰতিষ্ঠানসমূহত ৫০ শতাংশ শিক্ষাৰ্থীৰ উপস্থিতিত কোভিড প্ৰ'টকল মানি খুলিব পাৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/WhatsApp-Image-2022-01-12-at-1.51.19-PM-1-1-738x1024.jpeg)