/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/c0d0430f-57d5-4a47-bbb9-1af81a8fb835/121.jpg)
ডিজিটেল সংবাদ, ইটানগৰ : অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ মাতৃৰ বুধবাৰে ইটানগৰত দেহাৱসান হয়। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা পেমা খাণ্ডুৰ মাতৃ আই লেজাংলাৰ আজি দেহাৱসান হয়।
প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী দৰ্জী খান্দুৰ পত্নী লেজাংলা প্ৰায় এমাহ ধৰি গুৰুতৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। নাহৰলগুন মেডিকেল কলেজত চিকিৎসাধীন হৈ থকা অৱস্থাতে তেখেতৰ আজি দিনৰ প্ৰায় ১১:৩০ বজাত মৃত্যু হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/a0dedccd-63cf-4d1e-af04-9973b07ba4e7/f67dd797-87db-42e4-9050-66f2b90255da.jpg)
তেখেতৰ মৃতদেহ বৃহস্পতিবাৰে টাৱাঙলৈ নিয়া হ'ব আৰু তাতেই সৎকাৰ কৰা হ'ব। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৫ বছৰ।