প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়তে মৃত্যু বিজেপি বিধায়কৰ..

হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ফছুম খিমহুনৰ
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়তে মৃত্যু বিজেপি বিধায়কৰ..
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়তে মৃত্যু বিজেপি বিধায়কৰ..

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ আৰু অৰুণাচল প্ৰদেশতো বিভিন্ন প্ৰকল্প উদ্বোধনৰ কাৰ্যসূচীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বিজেপি শিবিৰক উৎসাহিত কৰাৰ সময়তে অৰুণাচল প্ৰদেশৰ এগৰাকী বিজেপি বিধায়কৰ মৃত্যু হৈছে। শনিবাৰে মৃত্যু হোৱা এই বিজেপি বিধায়কজনৰ নাম ফছুম খিমহুন।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৩ বছৰ। জানিব পৰা মতে হৃদ ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। উল্লেখ্য যে, ফছুম খিমহুন অৰুণাচলৰ ৫২ নং ছাংলাং দক্ষিণ সমষ্টিৰ পৰা ২০১৪ ত প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল। সেইবাৰ তেওঁ অৱশ্যে পিপলছ পাৰ্টীৰ পৰাহে প্ৰতিদ্বন্দিতা কৰিছিল।

ইয়াৰ পিছত ২০১৯ ত তেওঁ বিজেপিৰ টিকটত একেটা সমষ্টিৰ পৰা নিৰ্বাচিত হয়। মৃত্যুৰ সময়ত তেওঁপত্নী আৰু দুই সন্তানক ইহ সংসাৰত এৰি থৈ যায়।

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়তে মৃত্যু বিজেপি বিধায়কৰ..
মিলন বৰগোহাঁইক লাগে পুনৰ আটাছুৰ সভাপতি পদঃ গোলাঘাটত উত্তপ্ত পৰিস্থিতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in