খ্ৰীষ্টান ধৰ্মগুৰু ৰেভাৰেন্ট তীৰ টানা তাৰাৰ পৰলোকপ্ৰাপ্তি

খ্ৰীষ্টান ধৰ্মগুৰুগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ অৰুণাচল প্ৰদেশৰ জিলা সমূহৰ পৰা অগনন লোকৰ সমাগম ঘটে। কিমিনিত ৰাজপথত এক শোক সমদল বাহিৰ কৰে উপস্থিত লোক সকলে।

author-image
Asomiya Pratidin
New Update
খ্ৰীষ্টান ধৰ্মগুৰু ৰেভাৰেন্ট তীৰ টানা তাৰাৰ পৰলোকপ্ৰাপ্তি

ডিজিটেল সংবাদঃ অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ এগৰাকী খ্ৰীষ্টান ধৰ্মগুৰুৰ মৃত্যুত দুদিনীয়াকৈ শোক পালন কৰা হৈছে কিমিনত। উল্লেখ্য যে বাইবেল ধৰ্মগ্ৰন্থক ইংৰাজী ভাষাৰ নিচি ভাষালৈ অনুবাদ কৰা অৰুনাচল প্ৰদেশৰ প্ৰথমজন ব্যক্তি আছিল ৰেভাৰেন্ট তীৰ টানা তাৰা। যোৱা ২৯জানুৱাৰী পৰলোকপ্ৰাপ্তি ঘটা তীৰ টানা তাৰা নিচি বাপ্টিষ্ট চাৰ্চ কাউন্সিলৰ প্ৰথম গৰাকী প্ৰধান সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও নিচি এলাইট চ'চাইটিৰ শিক্ষা আৰু সাহিত্য বিভাগৰ সম্পাদক আছিল।

Advertisment

খ্ৰীষ্টান ধৰ্মগুৰুগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ অৰুণাচল প্ৰদেশৰ জিলা সমূহৰ পৰা অগনন লোকৰ সমাগম ঘটে। কিমিনিত ৰাজপথত এক শোক সমদল বাহিৰ কৰে উপস্থিত লোক সকলে।

Also Read: আঘাতপ্ৰাপ্ত ৰিয়ান পৰাগ : ডেনিছ দাসক অধিনায়কৰ দায়িত্ব

kimin rivarent tir tana tara Christian arunachal pradesh