অৰুণাচলত ভয়ানক এম্বুছ, বিধায়কসহ ১১ জনক হত্যা, LIVE UPDATES

অৰুণাচলত ভয়ানক এম্বুছ, বিধায়কসহ ১১ জনক হত্যা, LIVE UPDATES

author-image
asomiyapratidin
New Update
অৰুণাচলত বিধায়কসহ ৫জনক গুলীয়াই হত্যা

আবেলি ৪.৪৩ বজাতঃ

উক্ত অঞ্চলত প্ৰায়ে ধনদাবী সংঘটিত কৰে এনএছচিএন (আইএম)-এ।

অবৈধ কয়লা খনিৰ পৰা সংঘটিত কৰে ধন।

এই কাৰ্যত বাধা দিছিল বিধায়কগৰাকীয়ে।

সেয়েহে এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ।

আন ৰাজনৈতিক কাৰণ থাকিবও পাৰে এই হত্যাকাণ্ডৰ আঁৰত।

আবেলি ৪.৩৪ বজাতঃ

বিধায়কগৰাকীৰ কনভয়ৰ এখন গাড়ী জ্বলাই দিয়ে সন্দেহযুক্ত এনএছচিএন (আইএম)এ।

সমগ্ৰ অঞ্চলটোত সেনাবাহিনীয়ে আৰম্ভ কৰিছে অভিযান।

আবেলি ৪.২৬বজাতঃ

এই আক্ৰমণত মৃত্যু হয় বিধায়কগৰাকীৰ পুত্ৰ, তেওঁৰ ব্যক্তিগত সহায়ক আৰু ৫ জন নিৰাপত্তাৰক্ষী।

বিধায়কগৰাকীৰ পত্নীৰ বাহনৰ ওপৰত চলোৱা নাছিল আক্ৰমণ।

বিধায়কগৰাকীৰ কনভয়ত থকা ৩ খন বাহন বেয়াকৈ ক্ষতিগ্ৰস্থ।

আবেলি ৪.২২ বজাতঃ

৫জন নিৰাপত্তাৰক্ষীসহ তেওঁ গৈ আছিল ইটানগৰৰ পৰা খুমছা অভিমুখে।

বিধায়কজনৰ কনভয়ত আছিল পত্নী আৰু পুত্ৰ।

আবেলি ৪.১৫ বজাতঃ

নিহত বিধায়কজন আছিল খুমছা (ৱেষ্ট) বিধানসভাৰ বিধায়ক।

এইবাৰো তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিল এই সমষ্টিৰ পৰা।

এনপিপি দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল এইগৰাকী বিধায়কে।

আবেলি ৪.১০ বজাতঃ

সন্দেহযুক্ত এনএছচিএন (আইএম)-এ বিধায়ক অবোসহ ১১জনক হত্যা কৰিছে বুলি সন্দেহ কৰা হৈছে।

পুৱা ১১.৩০ বজাত সংঘটিত কৰিছিল এই এম্বুছ

আবেলি ৪.০০ বজাতঃ

অৰুণাচলত বিধায়ক তিৰোং অবোসহ ১১ জনক গুলিয়াই হত্যা।

টিৰাপ জিলাৰ বগাপানীত সংঘটিত হৈছে এই হত্যাকাণ্ড।