অৰুণাচল প্ৰদেশৰ এটা ভোটকেন্দ্ৰত মাত্ৰ এজন ভোটাৰ...

অৰুণাচল প্ৰদেশৰ এটা ভোটকেন্দ্ৰত মাত্ৰ এজন ভোটাৰ

author-image
Asomiya Pratidin
New Update
অৰুণাচল প্ৰদেশৰ এটা ভোটকেন্দ্ৰত মাত্ৰ এজন ভোটাৰ...

ডিজিটেল ডেস্কঃ আজি অৰুণাচল প্ৰদেশতো লোকসভা নিৰ্বাচনৰ লগতে বিধানসভা নিৰ্বাচনো অনুষ্ঠিত হৈ যায়। ৰাজ্যখনৰ এটা ভোটকেন্দ্ৰত ভোট সাব্যস্ত কৰিলে এজন ভোটাৰে। অৰুণাচল প্ৰদেশৰ আনজাও জিলাৰ হায়ুলিয়াং বিধান সভা সমষ্টিৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত কেৱল এজন ভোটাৰে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে। এই ঘটনা আনজাও জিলাৰ মালোগাম ভোটগ্ৰহণ কেন্দ্ৰত।

Advertisment

৪৪ বছৰীয়া এই মহিলা ভোটাৰ গৰাকীৰ নাম চখেলা টায়াং। দুৰ্গম অঞ্চলটোত যান-বাহনৰ ব্যৱস্থা কৰাটো সম্ভৱপৰ নহয় । ভোটগ্ৰহণ কৰিবলৈ নিৰ্বাচনী বিষয়া-কৰ্মচাৰী আৰু সুৰক্ষা কৰ্মীৰ দল খোজকাঢ়ি গৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰি ভোটদানৰ ব্যৱস্থা কৰে।

Also Read: ৰাইজৰ দলৰ নেত্ৰী সংগীতা গগৈৰ মৃত্যুঃ অখিল গগৈৰ শোক প্রকাশ

arunachal pradesh loksabha election bidhan sabha