
ডিজিটেল সংবাদ ইটানগৰৰ: প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশ আৰক্ষীয়ে সেনা-অৰ্ধসামৰিক বাহিনী অবিহনে ৰাজ্যখনৰ উগ্ৰপন্থী অধ্যুষিত চাংলাং জিলাত ই এন এন জি উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে এক বৃহৎ অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰাৰ লগতে এটা শিবিৰ উৎক্ষাত কৰিবলৈ সক্ষম হয়।
আজি নিচেই পুৱাতে চাংলাং আৰক্ষী আৰু অৰুণাচল প্ৰদেশ আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ'ৰ্চৰ যৌথ অভিযানত চাংলাং জিলাৰ ৰিমা পুটক ৰাজহ চক্ৰৰ লুংপাং নামৰ ঠাইখনত এই অভিযান চলায়।
ম্যানমাৰ সীমান্তৰ এই ঠাইখনত চলোৱা অভিযানত এটা একে ৪৭ ৰাইফল, এটা এম ১৬ ৰাইফল, এটা হেণ্ড গ্ৰেণেড, চাৰিটা এ কে ৪৭ ৰ মেগজিন, এটা ৱায়াৰলেচ ছেট, আৰু নথি-পত্ৰ উদ্ধাৰ কৰে। অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পাই শিবিৰটোত থকা পাঁচটা উগ্ৰপন্থী পলাই যাবলৈ সক্ষম হয়।
চাংলাং জিলাৰ আৰক্ষী অধীক্ষক মিহিন গম্বু আৰু এছ টি এফৰ আৰক্ষী অধীক্ষক ৰোহিত ৰাজবীৰ সিঙৰ নেতৃত্বত চলা অভিযানৰ অন্তত শিবিৰটো জ্বলাই দিয়া হয়।