হায়দৰাবাদত পথ দুৰ্ঘটনাত মৃত্যু হ'ল টাইকোৱাণ্ড প্ৰশিক্ষক দিগন্ত বৰাৰ...

হায়দৰাবাদত পথ দুৰ্ঘটনাত মৃত্যু হ'ল টাইকোৱাণ্ড প্ৰশিক্ষক দিগন্ত বৰাৰ...
হায়দৰাবাদত পথ দুৰ্ঘটনাত মৃত্যু হ'ল টাইকোৱাণ্ড প্ৰশিক্ষক দিগন্ত বৰাৰ...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে এক দুখৰ খবৰ। বহিঃৰাজ্যত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোৱা অসমৰ ক্ৰীড়াবিদৰ প্ৰশিক্ষকৰ পথ দুৰ্ঘটনাত মৃত্যু। হায়দৰাবাদত সংঘটিত হৈছে এই ঘটনা।

হায়দৰাবাদত ২৪ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় কেডেট টাইকোৱাণ্ড চেম্পিয়নশ্বিপৰ বাবে ৩ জনীয়া খেলুৱৈৰে গঠিত অসম দলটোৰ লগত প্ৰশিক্ষক হিচাপে গৈছিল দিগন্ত বৰা। পিছে প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বেই ঘটিল অঘটন।

নিশাৰ আহাৰ গ্ৰহণ কৰি পুনৰ হোটেলৰ কোঠালিলৈ ঘূৰি অহাৰ সময়তে ঘটিল এক ভয়কংৰ দুৰ্ঘটনা। পথ পাৰ হোৱাৰ সময়তে এখন যাত্ৰীবাহী বাছে মহটিয়াই নিয়ে প্ৰশিক্ষকগৰাকীক। ফলত অতি গুৰুতৰ ভাৱে আহত হয় তেওঁ। ইয়াৰ পিছতে তেওঁক হাস্পতাললৈ লৈ যায় যদিও হাস্পতালত তেওঁৰ ইতিমধ্যে মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে।

টাইকোৱাণ্ড প্ৰশিক্ষক দিগন্ত বৰাৰ ঘৰ আছিল ডিব্ৰুগড়ৰ চিৰিং গাঁৱত। ডিব্ৰুগড় টাইকোৱাণ্ড একাডেমীৰো তেওঁ আছিল মুখ্য প্ৰশিক্ষক। সমৰ কলাৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ থকা দিগন্ত বৰা আছিল সমৰকলাৰ এগৰাকী নিপুণ খেলুৱৈ।

তেওঁৰ তত্বৱধানতে অসম দলটোৱে এইবাৰ প্ৰতিযোগিতাখনত সফলতা লাভ কৰিব বুলি আশা কৰা হৈছিল। তেওঁৰ মৃত্যুত কেৱল অসমৰ টাইকোৱাণ্ড ক্ষেত্ৰখনেই নহয়, সামগ্ৰীক ভাৱে সমৰকলা আৰু অসমৰ ক্ৰীড়া ক্ষেত্ৰত শোকৰ ছাঁ পৰিছে।

হায়দৰাবাদত পথ দুৰ্ঘটনাত মৃত্যু হ'ল টাইকোৱাণ্ড প্ৰশিক্ষক দিগন্ত বৰাৰ...
৪ লাখ টকাৰ ঘোচ ! গ্ৰেপ্তাৰ আপৰ বিধায়ক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in