ত্ৰিপুৰাত বিদেশত নিৰ্মিত পিস্তলসহ চোৰাং অস্ত্ৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ

ত্ৰিপুৰাত বিদেশত নিৰ্মিত পিস্তলসহ চোৰাং অস্ত্ৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
ত্ৰিপুৰাত বিদেশত নিৰ্মিত পিস্তলসহ চোৰাং  অস্ত্ৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ শিলচৰ: চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত ২টা বিদেশত নিৰ্মিত পিস্তল আৰু ৪টা খালী মেগজিনসহ এজন চোৰাং অস্ত্ৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে ৰেলৱে সুৰক্ষা বাহিনীয়ে। গোপন তথ্যৰ ভিত্তিত কৰ্তব্যৰত ৰেলৱে সুৰক্ষা বাহিনীৰ জোৱান সকলে সোমবাৰে ত্ৰিপুৰাৰ পশ্চিম জিলাৰ জিৰানিয়া ৰেলৱে ষ্টেচনত কাঞ্চনজংঘা এক্সপ্ৰেছত তালাচী চলাই জব্দ কৰে ২টা ৭.৬৫ এম এম পিষ্টল আৰু ৪টা খালী মেগজিন।

Advertisment

নগাঁও জিলাৰ হোজাইৰ পৰা অহা দিপাংকৰ সেন নামৰ যাত্ৰী জনৰ পৰা জব্দ কৰা হয় পিস্তল আৰু মেগজিন কেইটা। জব্দ কৰা পিস্তল ২টাৰ এটা আমেৰিকা আৰু আনটো চীনত নিৰ্মিত বুলি জানিব পৰা গৈছে।

ধৃত অস্ত্ৰ ব্যৱসায়ী দিপাংকৰ সেনে অস্ত্ৰ শস্ত্ৰ খিনি নাগালেণ্ডৰ পৰা আনিছিল আৰু বাংলাদেশত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰিছে। ধৃত দিপাংকৰ সেনৰ ঘৰ‌ ত্ৰিপুৰাৰ ছেপাহিজালা জিলাৰ‌ দেবীপুৰত বুলি জানিব পৰা গৈছে।

Also Read: 'চন্দ্ৰযান-৩'ৰ সফলতাত আছিল অৰিহণা, দৰমহা নাপাই পদপথত বিক্ৰী কৰিছে ইডলী..

arm peddling tripura