ফ্ৰাংকফুর্টত জিলিকিল নাগালেণ্ডৰ যুৱক...

বাৰ্ষিক এম্বিয়েণ্ট মেলাত ভাৰতক 'যুৱ প্ৰতিভা' শাখাৰ অধীনত প্ৰতিনিধিত্ব আকু জেলিয়াঙৰ

author-image
Asomiya Pratidin
New Update
ফ্ৰাংকফুর্টত জিলিকিল নাগালেণ্ডৰ যুৱক...

ডিজিটেল ডেস্ক : বিদেশত জিলিকিল উত্তৰ-পূৱৰ যুৱক । নাগালেণ্ডৰ আকু জেলিয়াঙে দেশবাসীৰ বাবে কঢ়িয়াই আনিলে এই সন্মান । ফ্ৰেংকফুৰ্টত অনুষ্ঠিত আন্তৰ্জাতিক বাৰ্ষিক এম্বিয়েন্ট মেলাত এলে ডেকো ইন্টাৰনেচনেল ডিজাইন এৱাৰ্ডৰ বাবে ২০২২ বৰ্ষৰ এই সন্মান লাভ কৰে আকু জেলিয়াঙে । ইয়াৰ ওপৰিও 'বৰ্ষটোৰ শ্ৰেষ্ঠ ফাৰ্নিচাৰ ডিজাইনাৰ'ৰ শিতানতো দ্বিতীয় পুৰস্কাৰ লাভ কৰে আকু জেলিয়াঙে ।

Advertisment

এম্বিয়েণ্ট হৈছে আগশাৰীৰ আন্তৰ্জাতিক বাণিজ্য মেলা আৰু ডাইনিং, ৰন্ধন, ঘৰুৱা সামগ্ৰী, সজ্জা আৰু অলংকাৰ, আভ্যন্তৰীণ ডিজাইন, উপহাৰ, গহনা আৰু ফেশ্বন আনুষঙ্গিক সামগ্ৰীৰ সৈতে সম্পৰ্কিত সামগ্ৰীৰ ক্ষেত্ৰত বিশ্বৰ এক নম্বৰ। ইন্টেৰিয়ৰ ডিজাইনিঙৰ সমগ্ৰ উদ্যোগটোৰ বাবে এই মেলাখন হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠান সমূহৰ অন্যতম । তেনে এক অনুষ্ঠানত যুৱ উদ্যোগীৰ বঁটা লাভ কৰা নিশ্চয়কৈ এক গৌৰৱৰ কথা উত্তৰ-পূৱৰ সৈতেই সমগ্ৰ দেশৰ বাবে ।

উল্লেখ্য যে, আকু জেলিয়াঙৰ ইন্টেৰিয়ৰ আৰু স্থাপত্য ডিজাইনৰ ষ্টুডিঅ' 'উৰ্ৰা ডিজাইন' এ দেশৰ ৭ খন ৰাজ্যত কৰ্মৰত অৱস্থাত থকাৰ ওপৰিও আচবাবৰ বাবে থকা 'কেন কনছেপ্ট সৰ্বমুঠ ২৬ খন দেশলৈ ৰপ্তানি কৰা হয় ।

আকু জেলিয়াং বৰ্তমান ব্যস্ত পূব নাগালেণ্ডৰ শৈলীৰে অনুপ্ৰাণিত 'হুহ টু' শীৰ্ষক শৈলীৰ আচবাব প্ৰদৰ্শন কৰাত । যি অতি কম সময়ৰ ভিতৰতেই জনপ্ৰিয় হৈ পৰিল বলীউদৰ লগতে সমগ্ৰ দেশতেই ।

আৰু পঢ়ক : অবৈধ নিচাযুক্ত টেবলেট, কফ চিৰাপ দ্ৰব্য বিক্ৰেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী...

nagaland