লোহিত নদীৰ পাৰত নিৰ্মাণ হ’ব ৫১ ফুট উচ্চতাৰ পৰশুৰামৰ মূৰ্তি

জানুৱাৰী মাহৰ মকৰ সংক্ৰান্তিৰ সময়তে উন্মোচন হোৱাৰ সম্ভাৱনা

author-image
Asomiya Pratidin
New Update
লোহিত নদীৰ পাৰত নিৰ্মাণ হ’ব ৫১ ফুট উচ্চতাৰ পৰশুৰামৰ মূৰ্তি

ডিজিটেল ডেস্ক : অৰুণাচল পৰ্যটন উদ্যোগৰ বাবে সুখবৰ। ৰাজ্যখনৰ পৰ্যটনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

Advertisment

কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত অৰুণাচলৰ লোহিত জিলাৰ লোহিত নদীৰ পাৰত স্থাপন কৰা হ’ব পৰশুৰামৰ বিশাল মূৰ্তি। ইতিমধ্যে এই প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩৭.৮৭ কোটি টকা আৱণ্টন দিছে।

পৰশুৰাম কুণ্ডক দেশৰ অন্যতম তীৰ্থভূমিৰ লগতে পৰ্যটনক্ষেত্ৰ হিচাপে গঢ়ি তুলিব বিচাৰিছে চৰকাৰে। প্ৰস্তাৱিত প্ৰকল্প অনুসৰি লোহিত নদীৰ পাৰত নিৰ্মাণ কৰিব লগা পৰশুৰামৰ মূৰ্তিটোৰ উচ্চতা হ’ব ৫১ ফুট।

পৰশুৰাম কুণ্ডত স্থাপন হোৱা মুৰ্তিটো অহা বৰ্ষৰ জানুৱাৰী মাহৰ মকৰ সংক্ৰান্তিৰ সময়তে উন্মোচন হোৱাৰ সম্ভাৱনা আছে।

Also Read: হাতত বিশ্বকাপ ট্ৰফী লৈ স্বদেশত উপস্থিত টীম ইণ্ডিয়া : পঢ়ক সবিশেষ...

arunachal govt Statue Parashuram Lohit river