মণিপুৰৰ হিংসা! জীৱন্তে জ্বলাই দিয়া হ'ল ৭ বছৰীয়া শিশুসহ মাতৃ আৰু আন এগৰাকীক

author-image
Asomiya Pratidin
New Update
মণিপুৰৰ হিংসা! জীৱন্তে জ্বলাই দিয়া হ'ল ৭ বছৰীয়া শিশুসহ মাতৃ আৰু আন এগৰাকীক

ডিজিটেল ডেস্কঃ মণিপুৰৰ হিংসাত্মক ঘটনাই শাম কটাৰ নাম লোৱা নাই। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখন ভ্ৰমণ কৰি বিভিন্ন পদক্ষেপ লৈছিল যদিও এতিয়াও একেই আছে হিংসাজৰ্জৰ মণিপুৰ।

Advertisment

অভিযোগ অনুসৰি, দেওবাৰে ইম্ফলত আৰক্ষীৰ সন্মুখতে প্ৰায় ২০০০ জনীয়া মেইটেইৰ এটা দলে এখন এম্বুলেঞ্চত অগ্নি সংযোগ কৰে। যাৰ ফলত এম্বুলেঞ্চখনত থকা এটি ৭ বছৰীয়া শিশু, তেওঁ মাতৃ আৰু এগৰাকী ওচৰ চুবুৰীয়া জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু বৰণ কৰে।

উল্লেখ্য যে, ৭ বছৰীয়া শিশুটি আৰু তেওঁৰ মাতৃক আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তেতিয়াই এই ঘটনা সংঘটিত হয়। যদিও দেওবাৰে এই ঘটনা সংঘটিত হৈছিল তথাপিও ইয়াৰ বিৱৰণ মঙলবাৰেহে পোহৰলৈ আহে।

মৃত কেইজন ৭ বছৰীয়া তনচিং হেনচিং, তেওঁৰ মাতৃ মীনা হেনচিং(৪৫) আৰু তেওঁলোকৰ সম্পৰ্কীয় লেইদিয়া লৌৰেমবাম(৩৭)।

ইয়াৰ পূৰ্বে তেওঁলোক আসাম ৰাইফলছৰ কেম্পত আঘাতপ্ৰাপ্ত হৈছিল। সেই কেম্পটোত একাংশ কুকিয়ে আশ্ৰয় লৈ আছিল।

Also Read: ফাৰ্মাচী, নাৰ্ছিং, পেৰামেডিকেল আদি পাঠ্যক্ৰমৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা

manipur violence