Advertisment

ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্ত ৫ বাংলাদেশী আটকঃ নিষিদ্ধ সামগ্ৰী জব্দ...

চোৰাং গৰু, চেনী আদিও জব্দ কৰিছে বি এছ এফে

author-image
Asomiya Pratidin
New Update
ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্ত ৫ বাংলাদেশী আটকঃ নিষিদ্ধ সামগ্ৰী জব্দ...

ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্ত ৫ বাংলাদেশী আটকঃ নিষিদ্ধ সামগ্ৰী জব্দ...

ডিজিটেল সংবাগ আগৰতলাঃ শনিবাৰে ত্ৰিপুৰাৰ চিপাহীজালা জিলাৰ কমলাসাগৰ বি অ' পিত বাংলাদেশৰ পৰা ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়তে চাৰি বাংলাদেশীক আটক কৰে বি এছ এফে। এই সন্দৰ্ভত বি এছ এফে জাৰি কৰা এক বিবৃতিত কয়, তেওঁলোকে আটক কৰা ৪ বাংলাদেশীৰ ৩ বাংলাদেশী গোপালগঞ্জ জিলাৰ বাসিন্দা। তাৰোপৰি গ্ৰেপ্তাৰ কৰাৰ ভিতৰত আছে এটা দালালো। এই দালালজন বাংলাদেশৰ কাচবাৰৰ বাসিন্দা।

Advertisment

আন এক অভিযানত, বি এছ এফে উনাকোটি জিলাৰ অন্তৰ্গত বি অ' পি. সমৰূপপাৰাত ভাৰতীয় ভূখণ্ডত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাতে এজন বাংলাদেশী নাগৰিকক আটক কৰে। গ্ৰেপ্তাৰ কৰা বাংলাদেশী নাগৰিকজন নেত্ৰোকোনা জিলাৰ বাসিন্দা।

তাৰোপৰি বি এছ এফে ত্ৰিপুৰাৰ বাংলাদেশ সীমান্তত তেওঁলোকৰ সতৰ্কতা শক্তিশালী কৰাৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত বিভিন্ন চোৰাং ব্যৱসায়ৰ প্ৰচেষ্টা বিফল কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে ১২ টা চোৰাং গৰু উদ্ধাৰ কৰাৰ লগতে ৩ লাখ টকাৰ ৯০০ কিলোগ্ৰাম চেনী আৰু অন্যান্য নিষিদ্ধ সামগ্ৰী জব্দ কৰিছে।

বি এছ এফে এক বিবৃতিত কয় যে সেনাই ভাৰত-বাংলাদেশ সীমান্তত সীমান্তপাৰ অপৰাধ আৰু অনুপ্ৰৱেশ প্ৰতিহত কৰিবলৈ সতৰ্কতা বৃদ্ধি কৰিছে।

Also Read: ভাৰতৰ যক্ষ্মা প্ৰতিৰোধী ব্যৱস্থাক প্ৰশংসা WHOৰঃ বিশ্বত ৮ শতাংশ, ভাৰতত ১৮ শতাংশ ৰোগী হ্ৰাস...

ত্ৰিপুৰা ভাৰত-বাংলাদেশ সীমান্ত