মণিপুৰৰ জঘন্য কাণ্ডৰ ৪ অভিযুক্ত গ্ৰেপ্তাৰ, দোষীক ফাঁচী দিয়াৰ দাবী জনাব মুখ্যমন্ত্ৰীয়ে

মণিপুৰৰ জঘন্য কাণ্ডৰ  ৪ অভিযুক্ত গ্ৰেপ্তাৰ, দোষীক ফাঁচী দিয়াৰ দাবী জনাব মুখ্যমন্ত্ৰীয়ে

ডিজিটেল ডেস্কঃ মণিপুৰৰ ভাইৰেল হোৱা ভিডিঅ সন্দৰ্ভত বৰ্তমান পৰ্যন্ত ৪ জন লোকক গ্ৰেপ্তাৰ কৰাৰ খবৰ আহি পৰিছে। এন বীৰেণ সিঙে এই গ্ৰেপ্তাৰৰ বিষয়ে জনায়। মণিপুৰৰ দুগৰাকী মহিলাক বিবস্ত্ৰ কৰি ৰাজপথত পেৰেড কৰা ঘটনা পোহৰলৈ অহাৰ পাছতে উত্তাল হৈ পৰিছে দেশ।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কয়, "আমি সম্পূৰ্ণৰূপে হতবাক। মই অপৰাধীসকলক দৃষ্টান্তমূলক শাস্তিৰ আশ্বাস দিছো। যদি সম্ভৱ হয় মই মৃত্যুদণ্ড দাবী কৰিম। জনতাক পথ অৱৰোধ নকৰিবলৈ আৰু সুৰক্ষা বাহিনীক বাধা নিদিবলৈ অনুৰোধ জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে এই ঘটনাৰ গৰিহনা দিয়ে।

উল্লেখ্য যে, ৪ মে'ত দুই মহিলাক বিবস্ত্ৰ কৰি ৰাজপথত পেৰেড কৰা হৈছিল। পাছত তেওঁলোকক ধৰ্ষণ কৰা হৈছিল। এই ঘটনা পোহৰলৈ আহিছিল ১৯ জুলাইত। লগে লগে দেশত উচ্চতম ন্যায়ালয়ৰ পৰা আৰম্ভ কৰি মহিলা আয়োগে ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্য়ক্ত কৰে। আজি সন্ধিয়া ভাগত গ্ৰেপ্তাৰ হৈছিল জঘন্য কাণ্ডৰ মূল অভিযুক্ত হুইৰেম হেৰোডাছ মেইটে। তাৰপাছতে গ্ৰেপ্তাৰ হয় আন ৩ জন।

মণিপুৰৰ জঘন্য কাণ্ডৰ  ৪ অভিযুক্ত গ্ৰেপ্তাৰ, দোষীক ফাঁচী দিয়াৰ দাবী জনাব মুখ্যমন্ত্ৰীয়ে
ড্রাগছ সৰবৰাহকাৰীৰ বাহনলৈ আৰক্ষীৰ গুলীচালনা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in