/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/3fbacb70-8cc9-4662-b540-7686676abb40/fc.jpg)
ডিজিটেল সংবাদ, বেকাজানঃ মণিপুৰৰ বিষ্ণুপুৰ জিলাত মণিপুৰ অখণ্ডতা সমন্বয়ক সমিতিৰ গণ সমাৱেশ। এই সমাৱেশক ছত্ৰভংগ কৰাবলৈ নিৰাপত্তা বাহিনীয়ে নিক্ষেপ কৰা কন্দুৱা গেছ আৰু ম’ক বোমাৰ কাণ্ডত বুধবাৰে এজন সাংবাদিকসহ কমেও ২৫ জন লোক আহত হোৱাৰ খবৰ আহিছে। মণিপুৰত নাগৰিক সমাজ সংস্থা মণিপুৰ অখণ্ডতা সমন্বয়ক সমিতিয়ে গণ সমাৱেশৰ আহ্বান জনাইছিল।
এই গণ সমাবেশ বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ সীমান্তৰ দিশে যাত্ৰা কৰি সেনাই ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা বেৰিকেডসমূহ আঁতৰোৱাবলৈ চেষ্টা কৰাৰ ফলত ইম্ফল উপত্যকাত সান্ধ্য আইন জাৰি কৰে। উল্লেখযোগ্য যে বুধবাৰে ক’ক’মিৰ উদ্যোগত আয়োজিত গণ সমাৱেশত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা উদ্দেশ্য কোৱাকটা খেলপথাৰত সমবেত হয়।
কিন্তু প্ৰতিবাদী সমদলক ফৌগাকচাও ইখাইত নিৰাপত্তা বাহিনীয়ে বন্ধ কৰি দিয়ে। মণিপুৰ অখণ্ডতা সমন্বয়ক সমিতিৰ এই সমাৱেশৰ লক্ষ্য আছিল ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সেনাবাহিনীৰ বেৰিকেড আঁতৰোৱা, বিশেষকৈ ফৌগাকচাও ইখাইৰ পৰা টৰবুং বাংলা কমিউনিটি হললৈকে, য’ত মেইটেইৰ জনগোষ্ঠীৰ ঘৰ আছে।
বিষ্ণুপুৰ জিলাৰ ফৌগাকচাও ইখাইত সমবেত হোৱা ৰাইজক ছত্ৰভংগ দিবলৈ ঘাইপথৰ কাষত নিয়োজিত নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ আৰু মক বোমা নিক্ষেপ কৰে। ক’ক’মিৰ মতে, কমিটীয়ে ইতিমধ্যে চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক ৩০ আগষ্টৰ ভিতৰত সেনাৰ বেৰিকেড আঁতৰাবলৈ আহ্বান ডেডলাইন বান্ধি দিছিল।
কমিটীয়ে অভিযোগ কৰে যে মেইটেই পৰিয়ালসমূহে ঘাইপথৰ সৈতে সংযুক্ত এপ্ৰ’চ পথৰ জৰিয়তে নিজৰ ঘৰত প্ৰৱেশ কৰাত অসুবিধাৰ সন্মুখীন হৈছে কাৰণ সেনাবাহিনীৰ বেৰিকেড আৰু সন্মুখৰ দুখন বৃহৎ বুলেটপ্ৰুফ বাহন (কেছপাৰ)য়ে পথটো বন্ধ কৰি ৰাখিছে। সেনাৰ বেৰিকেড আঁতৰাই পেলাব COCOMI য়ে কোৱাক্টাত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ সংঘৰ্ষৰ সৃষ্টি হয় আৰু আন্দোলনকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছৰ গোলা আৰু ৰবৰৰ গুলীৰ নিক্ষেপ কৰে।
আৰক্ষীৰ এই পদক্ষেপৰ পিছতে প্ৰতিবাদকাৰীসকলে বেৰিকেডৰ দিশে আগবাঢ়িছিল। বিয়লি ফৌগাকচাও ইখাইত প্ৰতিবাদীকাৰীসকল উপস্থিত হোৱাৰ লগে লগে পুনৰ সংঘৰ্ষৰ হয়। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে কেইবা ৰাউণ্ড কন্দুৱা গেছৰ ৰবৰৰ গুলী আৰু ধোঁৱা বোমা নিক্ষেপ কৰাত এজন সাংবাদিককে ধৰি অন্য ২৪ জন প্ৰতিবাদকাৰী আহত হয়।
Also Read: নগাঁৱত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ