ত্ৰিপুৰাত ৭৫ .৫ লাখ টকা মূল্যৰ ১৮০ কেজি গাঞ্জা জব্দ

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰিছে নিৰাপত্তা বাহিনীয়ে। গোপন তথ্যৰ ভিত্তিত খোৱাই জিলাৰ আৰক্ষী আৰু অসম ৰাইফলছে যুটীয়া অভিযান চলাই এখন ইকো বাহনৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ এই গাঞ্জা খিনি।‌

author-image
Asomiya Pratidin
New Update
ত্ৰিপুৰাত ৭৫ .৫ লাখ টকা মূল্যৰ ১৮০ কেজি গাঞ্জা জব্দ

ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰিছে নিৰাপত্তা বাহিনীয়ে। গোপন তথ্যৰ ভিত্তিত খোৱাই জিলাৰ আৰক্ষী আৰু অসম ৰাইফলছে যুটীয়া অভিযান চলাই এখন ইকো বাহনৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ এই গাঞ্জা খিনি।‌

Advertisment

ত্ৰিপুৰা আৰক্ষীয়ে সদৰি কৰা মতে, গোপন তথ্যৰ ভিত্তিত বৃহস্পতিবাৰে খোৱাই থানাৰ অন্তৰ্গত চেৰমা তালাচী চকীত অভিযান চলাইছিল আৰক্ষী আৰু অসম ৰাইফলছৰ ২৮ নং বেটেলিয়নে। TR-01BS 0729 নম্বৰৰ এখন ইকো বাহনত তালাচী চলাই বাহন খনৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰা হয় ৯টা গাঞ্জাৰ পেকেট। পেকেট কেইটাৰ পৰা মুঠ ১৮০ কেজি গাঞ্জা জব্দ কৰা হয়।

জব্দকৃত গাঞ্জাৰ মুল্য প্ৰায় ৭৫.৫ লাখ টকা বুলি সদৰি কৰিছে অসম ৰাইফলছে। লগতে গ্ৰেপ্তাৰ কৰা হয় ইকো বাহনৰ চালকক। গাঞ্জা সৰবৰাহত ব্যৱহাৰ কৰা এখন স্কুটী আৰু এখন মটৰ চাইকেলও ঘটনাস্থলীৰ পৰা জব্দ কৰে আৰক্ষীয়ে।

Also Read: ৰাষ্ট্ৰীয় ভোটাৰ দিৱস

marijuana tripura