অশান্ত মণিপুৰত ১২ উগ্ৰপন্থীসহ বুজণ পৰিমাণৰ অত্যাধুনিক অবৈধ মাৰণাস্ত্ৰ জব্দ...

মণিপুৰত যোৱা ২৪ ঘন্টাত পূৱ ইম্ফল, পশ্চিম ইম্ফল, বিষ্ণুপুৰ, থৌবাল আৰু কাকছিং জিলাৰ বিভিন্ন স্থানত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে ১২ জন‌ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে।‌ 

author-image
Tushar Pratim
New Update
অশান্ত মণিপুৰত ১২ উগ্ৰপন্থীসহ বুজণ পৰিমাণৰ অত্যাধুনিক অবৈধ মাৰণাস্ত্ৰ জব্দ...

ডিজিটেল সংবাদ শিলচৰ: অশান্ত জৰ্জৰ মণিপুৰত উগ্ৰপন্থী আৰু অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে নিৰাপত্তা বাহিনীয়ে। বিগত ২৪ ঘন্টাৰ ভিতৰত মণিপুৰৰ পূৱ ইম্ফল, পশ্চিম ইম্ফল, বিষ্ণুপুৰ, থৌবাল আৰু কাকছিং জিলাৰ বিভিন্ন স্থানত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে মুঠ ১২ জন‌ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে।‌ 

Advertisment

অশান্ত মণিপুৰত ১২ উগ্ৰপন্থীসহ বুজণ পৰিমাণৰ অত্যাধুনিক অবৈধ মাৰণাস্ত্ৰ জব্দ...

এই ১২ জন উগ্ৰপন্থীৰ ভিতৰত ১১ জন নিষিদ্ধ ঘোষিত সংগঠন KCP ৰ আৰু এজন PLA ৰ বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।‌ উগ্ৰপন্থী কেইজনৰ পৰা বুজণ পৰিমাণৰ অত্যাধুনিক মাৰণাস্ত্ৰও জব্দ কৰিছে নিৰাপত্তা বাহিনীয়ে।‌

অশান্ত মণিপুৰত ১২ উগ্ৰপন্থীসহ বুজণ পৰিমাণৰ অত্যাধুনিক অবৈধ মাৰণাস্ত্ৰ জব্দ...

পূৱ ইম্ফল জিলাৰ কেইৰাও ওৱাংখেমত অভিযান চলাই আৰক্ষীয় ৪ টা গুলী ভৰ্তি মেগজিনসহ এটা AK Rifle, ৫ টা গুলী ভৰ্তি মেগজিনসহ এটা A1 Rifle, মেগজিনসহ এটা M4 Rifle,  গুলী ভৰ্তি এটা SLR Rifle,  গুলীসহ এটা .303 Rifle, .303 Rifleৰ ২৫ টা সক্ৰিয় গুলী জব্দ কৰে। 

অশান্ত মণিপুৰত ১২ উগ্ৰপন্থীসহ বুজণ পৰিমাণৰ অত্যাধুনিক অবৈধ মাৰণাস্ত্ৰ জব্দ...

সেইদৰে পশ্চিম ইম্ফল জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা ৪ জন KCP উগ্ৰপন্থীৰ পৰা ২টা পিষ্টল, ৫ খন সংগঠনৰ ডিমাণ্ড লেটাৰ, ৫টা  মোবাইল ফোন, নগদ ধন, এখন চাৰিচকীয়া বাহনসহ বহুতো সামগ্ৰী জব্দ কৰা হয়। পূৱ ইম্ফল জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা PLA  উগ্ৰপন্থী জনৰ পৰা এটা 9 mm  পিষ্টল, এটা হেণ্ড গ্ৰেণেড, ডিটনেটৰ জব্দ কৰা হৈছে। বাকী কেইজন উগ্ৰপন্থীৰ পৰাও অনুৰূপ ধৰণে বুজণ পৰিমাণৰ অত্যাধুনিক অবৈধ মাৰণাস্ত্ৰ জব্দ কৰে আৰক্ষীয়ে। 

অশান্ত মণিপুৰত ১২ উগ্ৰপন্থীসহ বুজণ পৰিমাণৰ অত্যাধুনিক অবৈধ মাৰণাস্ত্ৰ জব্দ...

অবৈধ মাৰণাস্ত্ৰ মণিপুৰ