তিনি ৰাজ্যৰ নিৰ্বাচন : ১০ টা আমোদজনক তথ্য

তিনি ৰাজ্যৰ নিৰ্বাচন : ১০ টা আমোদজনক তথ্য
  • নিৰ্বাচন অনুষ্ঠিত হোৱা মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰাৰ তিনিও ৰাজ্যৰে বিধানসভা আসনৰ সংখ্যা ৬০ ।

  • তিনিওখন ৰাজ্যৰে বৰ্তমানৰ মুখ্যমন্ত্ৰীসকল নিকটতম প্ৰতিদ্বন্দীতকৈ আগবাঢ়ি আছে ।

  • মেঘালয়ত বিজেপিৰ সভাপতি আৰু কংগ্ৰেছৰ সভাপতি দুয়োগৰাকীয়েই পিছ পৰি আছে ।

  • ত্ৰিপুৰাত এখনো আসনৰ ফলাফল লাভ নকৰাৰ পূৰ্বেই চৰকাৰ গঠনৰ বাবে বিজেপিৰ নেতৃত্বৰে টি এম পিৰ নেতৃত্বৰে আলোচনাত বহিছে ।

  • নাগালেণ্ডত এখনো আসনত অগ্ৰগতি লাভ কৰা নাই কংগ্ৰেছে ।

  • মেঘালয়ত ৭ খন আসনত আগবাঢ়ি আছে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ।

  • তিনি ৰাজ্যৰ নিৰ্বাচনত আটাইতকৈ কম প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে নাগালেণ্ডত । ৰাজ্যখনত প্ৰতিদ্বন্দীতা কৰা মুঠ প্ৰাৰ্থীৰ সংখ্যা ১৯১ ।

  • নাগালেণ্ডত বিজেপি প্ৰাৰ্থী কাঝেট' কিনিমি বিনা প্ৰতিদ্বন্দিতাৰেই জয়ী হৈছে ।

  • ত্ৰিপুৰাত সৰ্বাধিক প্ৰাৰ্থীয়ে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে ।

  • নাগালেণ্ডত প্ৰথমবাৰৰ বাবে কোনো এগৰাকী মহিলা বিধায়ক হোৱাৰ সম্ভাৱনা আছে । এইবাৰ নিৰ্বাচনত ৰাজ্যখনত ৪ গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in