আৰম্ভ হ'ল মেঘালয়ৰ সোণাপুৰ সুৰংগৰে যান-বাহনৰ চলাচল

দুদিন ধৰি দি থকা ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰৰ শিল আৰু বোকামাটি খহি পুতি পেলাইছিল সোণাপুৰৰ সুৰংগৰ সন্মুখ ভাগ।

author-image
Asomiya Pratidin
New Update
আৰম্ভ হ'ল মেঘালয়ৰ সোণাপুৰ সুৰংগৰে যান-বাহনৰ চলাচল

ডিজিটেল সংবাদ,শিলচৰ: অৱশেষত যান-বাহন চলাচলৰ বাবে মুকলি কৰা হ'ল মেঘালয়ৰ সোণাপুৰৰ সুৰংগ। দুদিন ধৰি দি থকা ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰৰ শিল আৰু বোকামাটি খহি পুতি পেলাইছিল সোণাপুৰৰ সুৰংগৰ সন্মুখ ভাগ।

Advertisment

ফলত দেওবাৰে কেবাঘন্টা ধৰি বন্ধ হৈ পৰিছিল শিলচৰ- বদৰপুৰ- চিলং ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। পথৰ ওপৰত আৱদ্ধ হ'ব লগা হৈছিল বৰাক সহ চুবুৰীয়া ৰাজ্য মনিপুৰ,মিজোৰাম আৰু ত্ৰিপুৰাৰ পৰা যাব লগা হাজাৰ হাজাৰ যানবাহন।

পথছোৱাত মুকলি কৰিবলৈ মেঘালয়ৰ গড়কাপ্তানি বিভাগে দিনে নিশাই কাম কৰি অৱশেত নিশা যান-বাহন চলাচলৰ বাবে মুকলি কৰে পথছোৱা।

Also Read: আহোম ৰাজত্ব কালৰ বিভিন্ন সমল পৰ্যবেক্ষণ কৰিব ইউনেস্কোৰ পৰ্যবেক্ষকে

meghalaya