আহোম ৰাজত্ব কালৰ বিভিন্ন সমল পৰ্যবেক্ষণ কৰিব ইউনেস্কোৰ পৰ্যবেক্ষকে

আহোম ৰাজত্ব কালৰ বিভিন্ন সমল পৰ্যবেক্ষণ কৰিব ইউনেস্কোৰ পৰ্যবেক্ষকে

author-image
Asomiya Pratidin
New Update
আহোম ৰাজত্ব কালৰ বিভিন্ন সমল পৰ্যবেক্ষণ কৰিব ইউনেস্কোৰ পৰ্যবেক্ষকে

ডিজিটেল সংবাদ, চৰাইদেউঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ দিশে অগ্ৰসৰ হৈছে চৰাইদেউ মৈদাম ক্ষেত্ৰ৷ সোমবাৰে পুৱা চৰাইদেউ মৈদামক্ষেত্ৰত শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰে ইউনেস্কোৰ পৰ্যবেক্ষক লিম চিন চিয়াঙে৷

ইয়াৰ পিচতেই চৰাইদেউ মৈদামৰ পাশ্বৱৰ্তী এলেকাত থকা বালিমৈদাম, বৰগোঁহাই পুখুৰী, ৪টা কুঁৱৰী মৈদাম, চাংমাই শাল, ৰজামৈদাম, শ নিয়া আলি, মৈদাম নং ২, ৯, ১৪, ১৫, ১৬, লাংকুৰি দেওশাল, চুকাফা মৈদাম, যুৰীয়া মৈদাম, ফুলেশ্বৰী কুঁৱৰীৰ মৈদামৰ ঐতিহাসিক গুৰুত্ব মূল্যায়ন কৰিব ইউনেস্কৰ বিশেষজ্ঞ গৰাকীয়ে।

সোমবাৰে বিয়লি পৰ্যন্ত বিশেষজ্ঞগৰাকীয়ে মৈদাম ক্ষেত্ৰত থাকি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি বিভিন্ন তথ্য, সমল সংগ্ৰহ কৰি আৰু অধ্যয়ন কৰি গুৱাহাটীলৈ ৰাওনা হ'ব।

Also Read: উভতাই অনা হ'ল ছিকিমত আবদ্ধ অসমৰ ছাত্ৰ-ছাত্ৰী

unesco