নগাওঁ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত সজাগতামূলক বাইক ৰেলী

নগাঁও জিলা প্ৰশাসনৰ অন্তৰ্গত জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত দেওবাৰে আয়োজন কৰা হয় " পথ সুৰক্ষা সন্দৰ্ভত সজাগতামূলক বাইক ৰেলী ”।

author-image
Asomiya Pratidin
New Update
dfsdfsdfs

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও জিলা প্ৰশাসনৰ অন্তৰ্গত জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত দেওবাৰে আয়োজন কৰা হয় " পথ সুৰক্ষা সন্দৰ্ভত সজাগতামূলক বাইক ৰেলী ”। জিলা আয়ুক্ত কাৰ্য্যালয়ৰ প্ৰাংগনত শুভাৰম্ভ হোৱা উক্ত বাইক ৰেলী নগাঁও চহৰ হৈ জখলাবন্ধাৰ পৰা বাগৰি পৰ্যন্ত গৈ, পুনৰ নগাঁও চহৰত সমাপ্ত হয়। 

পথ সুৰক্ষা সন্দৰ্ভত সচেতনতা সৃষ্টি কৰাৰ উদ্দেশ্যৰে আয়োজিত এই কাৰ্যসূচীত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বিভাগৰমন্ত্ৰী কেশৱ মহন্ত, নগাঁও বটদ্ৰৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত  দেৱাশীষ শৰ্মা, জিলা আৰক্ষী অধীক্ষক  স্বপ্ননীল ডেকা, অতিৰিক্ত জিলা আয়ুক্ত ক্ৰমে  মনোৰমা মৰাং, সুদীপ নাথ, দেবাহুতি বৰাক প্ৰমুখ্যে জিলা পথ সুৰক্ষা সমিতিৰ বিষয়াসকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল,আৰক্ষী আৰু পৰিবহন বিভাগৰ বিষয়াসকল, Motorhead United MC Assam আৰু Nagaon IMFL Retailer Association ৰাইডাৰ সকলে অংশগ্ৰহণ কৰে। 

ইফালে, পথ সুৰক্ষা সজাগতামূলক বাইক ৰেলী কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জখলাবন্ধা বাছ আস্থানত স্থানীয় বাসিন্দা তথা অঞ্চলৰ লোকসকলক যাতায়তৰ নিয়মাৱলী, দুৰ্ঘটনা প্ৰতিৰোধ আদি বিষয়ে সজাগ সৃষ্টিৰ উদ্দেশ্যৰে এখন সজাগতামূলক সভাৰ আয়োজন কৰা হয়। 

জখলাবন্ধাত আয়োজিত এই সজাগতামূলক সভাত মন্ত্ৰী কেশৱ মহন্তই পথৰ সুৰক্ষা আৰু সাধাৰণ লোকসকলৰ সচেতনতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, পথ দুৰ্ঘটনা ৰোধ কৰাটো এক গুৰুত্বপূৰ্ণ সামাজিক দায়িত্ব। চৰকাৰে ৰাস্তা-ঘাটৰ উন্নয়নৰ লগতে যাতায়ত নীতি-নিয়মাৱলীৰ প্ৰতি কঠোৰ নিয়ম আৰোপ কৰিছে বুলি লগতে উল্লেখ কৰে। আনহাতে, উক্ত সভাতে জিলা আয়ুক্ত দেৱাশীষ শৰ্মা তেখেতৰ বক্তব্যত উল্লেখ কৰে যে, পথ সুৰক্ষা কেৱল চৰকাৰৰ একক দায়িত্ব নহয়, ইয়াৰ বাবে সমাজৰ প্ৰতিজন ব্যক্তিৰ সচেতনতা আৰু সহযোগিতা অপৰিহাৰ্য। 

পৰৱৰ্তী সময়ত, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি, বুঢ়াপাহাৰ আৰু ঘোৰাকাটি ৰেঞ্জৰ বনকৰ্মীসকলক বন্যপ্ৰাণী সুৰক্ষাৰ কাৰ্য্যত সহায় কৰিবলৈ ফিল্টাৰ, টৰ্চ, লাইফ জেকেট আদি আৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হয়। লগতে, কুঠৰী তিনিআলিতো এক সজাগতামূলক সভা অনুষ্ঠিত কৰি পথৰ সুৰক্ষা, গতি নিয়ন্ত্ৰণ আৰু সতৰ্কতা অৱলম্বনৰ ওপৰত গুৰুত্ব দিয়া হয়।

পথ সুৰক্ষা সভা পথ সুৰক্ষা