কোৰোনাৰ সংক্ৰমন ৰোধৰ বাবে নতুন এছঅ’পি,ক্ষুদ্ৰ ব্যৱসায়ীক অৰ্থনৈতিক পেকেজ প্ৰদানৰ দাবী…

কোৰোনাৰ সংক্ৰমন ৰোধৰ বাবে নতুন এছঅ’পি,ক্ষুদ্ৰ ব্যৱসায়ীক অৰ্থনৈতিক পেকেজ প্ৰদানৰ দাবী…

ডিজিটেল সংবাদ, বান্দৰদেৱা : দেওবাৰৰ পৰা কাৰ্যকৰী হোৱা নতুন এছঅ'পিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ।তেওঁলোকৰ দাবী ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ বাবে অৰ্থনৈতিক পেকেজ ঘোষনা কৰক ৰাজ্য চৰকাৰে ।অন্যথা সাংঘাতিক সংকটত পৰিব ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ী সকল।

তেওঁলোকৰ দাবী কোভিড নিয়ন্ত্ৰনৰ বাবে চৰকাৰে সম্পূৰ্ণ লকডাউন দিয়ক।এনেদৰে দুঘন্টাৰ ব্যৱসায় কৰি কোনো কাৰনতে লাভান্বিত নহয় এই ক্ষুদ্ৰ ব্যৱসায়ী সকল।বান্দৰদেৱা হাৰমতী আদি অঞ্চলৰ এই ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ এই দাবীৰ প্ৰতি চৰকাৰে মনযোগ দিয়াটো বিচাৰিছে তেঁওলোকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in