১১বজাত বন্ধঃ দোকান-বজাৰত অভাৱনীয় ভিৰ গ্ৰাহকৰ, গুৱাহাটীত তীব্ৰ যান-যঁট…

১১বজাত বন্ধঃ দোকান-বজাৰত অভাৱনীয় ভিৰ গ্ৰাহকৰ, গুৱাহাটীত তীব্ৰ যান-যঁট…

ডিজিটেলৰ ডেস্কঃ শেহতীয়া কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে দেওবাৰৰে পৰা প্ৰযোজ্য হোৱাকৈ নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি দিনৰ ১২বজাৰ পৰা সান্ধ্য আইন আৰম্ভ হোৱাৰ লগতে তাৰ এঘন্টাৰ আগতেই বন্ধ কৰিব লাগিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে হাট-বজাৰ।

পুৱা ১১বজাতে হাট-বজাৰ, দোকান-পোহাৰ বন্ধ কৰাৰ এই নিৰ্দেশনাৰ পাছতে গুৱাহাটী মহানগৰীৰ বজাৰ আৰু দোকান পোহাৰত যথেষ্ট ভিৰ কৰিছে গ্ৰাহকে। পুৱাই বহা শাক-পাচলিৰ লগতে নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিক্ৰী কৰা বজাৰত গ্ৰাহকৰ অভাৱনীয় ভিৰ দেখিবলৈ পোৱা গৈছে।

ইফালে মহানগৰীৰ বিভিন্ন অঞ্চলত সৃষ্টি হৈছে তীব্ৰ যান-যটঁৰ । পুৱাই বজাৰলৈ ওলাই অহা অসংখ্য লোক বাহনে বহুকেইটা অঞ্চলত এই যান-যঁটৰ সৃষ্টি কৰিছে। ইফালে এই নিৰ্দেশনা আখৰে আখৰে পালন কৰিবলৈ জনতাক আহ্বান জনাইছে প্ৰশাসনে। অন্যাথা কঠোৰ ব্যৱস্থগ্ৰহণৰ সকিয়নী প্ৰদান কৰিছে আৰক্ষী প্ৰশাসনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in