শেহতীয়া খবৰ
একেখন মঞ্চত মায়াৱতী, মুলায়েম, অখিলেশ...  •  নিমিষতে ছাই হৈ গ'ল সকলো, দক্ষিণ শালমাৰাত অগ্নিকাণ্ডত ভস্মীভূত ৭ টা ঘৰ  •  ৰাহুল গান্ধীলৈ নিৰ্বাচন আয়োগৰ জাননী...  •  বিদায় কংগ্ৰেছ... ৰাহুললৈ প্ৰিয়ংকাৰ আবেগভৰা চিঠি!  •  আগমনীত আৰক্ষীৰ জালত ২ বলাৎকাৰী  •  একেদিনাই কংগ্ৰেছ এৰি শিৱসেনালৈ প্ৰিয়ংকা...  •  মোৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকী মোৰ বাবে ফেক্টৰ নহয়ঃ দিগ্বিজয় সিং  •  নগাঁৱৰ কঠীয়াতলীত ৰাবিজ ভৰ্তি ডাম্পাৰ আৰু বালি ভৰ্তি ট্ৰাক জব্দ, চাওক VIDEO  •  মঞ্চত ভাষণৰ মাজতে চৰিওৱা ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল হাৰ্দিকৰ  •  অসন্তুষ্ট কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা, অৱশেষত ল’লে পদত্যাগৰ সিদ্ধান্ত

ডাটাৰ মিঠাই! দ্বিতীয় বৰ্ষপূৰ্তিত গ্ৰাহকৰ বাবে জিঅ’ৰ বিশেষ অফাৰ

3,112

ডিজিটেল ডেস্কঃ সাফল্যৰ ২টাকৈ বছৰ অতিক্ৰমি তৃতীয় বৰ্ষত ভৰি থৈছে ৰিলায়েন্স জিঅ’ই। এই উপলক্ষে গ্ৰাহকসকলক মিঠাই খুৱাবলৈ সাজু হৈছে ভাৰতীয় টেলিকম জগতত খলকনিৰ সৃষ্টি কৰা প্ৰতিষ্ঠানটোৱে। পিছে আটা-ময়দা নহয়, জিঅ’ই নিজৰ দ্বিতীয় বৰ্ষপূৰ্তিত আপোনাক খুৱাব ‘ডাটা’ৰ মিঠাই।

এই অনুযায়ী আজিৰে পৰা জিঅ’ই গ্ৰাহসকলক ২ জিবিকৈ অতিৰিক্ত হাইস্পিড ডাটা বিনামূলীয়াকৈ আগবঢ়াইছে। অহা ১১ ছেপ্তেম্বৰলৈকে গ্ৰাহকসকলে এই বিনামূলীয়া ‘ডাটাৰ মিঠাই’ লাভ কৰিব।

অৱশ্যে ইয়াৰ বাবে আপুনি সামান্য কষ্ট কৰিব লাগিব। ফোনত যদিহে মাই জিঅ’ এপ আছে, তেন্তে সেয়া আপডেট কৰক। যদিহে এপ নাই তেন্তে ইনষ্টল কৰি লওক। আপগ্ৰেড হোৱাৰ পিছত এপটো অপেন কৰি মাই প্লেন অপশ্যনত ক্লিক কৰক।

আৰু পঢ়কঃ ৰিজাৰ্ভ বেংকৰ নতুন নিয়মঃ সাৱধান নহ’লে ২০০০ টকীয়া নোটে মাতিব বিপদ

 

ক্লিক কৰিলে আপুনি এই মুহূৰ্তত কি প্লেন ব্যৱহাৰ কৰি আছে সেয়া জানিব পাৰিব। লগতে ইয়াৰ তলফালে থাকিব চেলিব্ৰেশ্যন পেক আৰু তাৰ সবিশেষ বৰ্ণনা। যদিহে সেয়া দেখা পোৱা নাই তেতিয়াও হতাশ হোৱাৰ প্ৰয়োজন নাই, কাৰণ ম্যাদ শেষ হোৱাৰ পূৰ্বেই এই পেক আপোনাৰ প্লেনৰ সৈতে সংযোগ কৰি দিয়া হ’ব।

গ্ৰাহকসকলৰ বাবে আন কেবাটাও ভাল খবৰ আনিছে জিঅ’ই। এই ভাল খবৰসমূহৰ অন্যতম হৈছে ৩০০ টকাতকৈ কম মূল্যৰ প্ৰিপেইড পেকসমূহত ডাটাৰ পৰিমাণ বৃদ্ধি। জিঅ’ই নিজৰ ৱেবছাইটত প্ৰকাশ কৰা মতে, ১৪৯ টকাত প্ৰতিদিনে ১.৫ জিবি, ১৯৮ টকাত ২ জিবি আৰু ২৯৯ টকাত প্ৰতিদিনে ৩ জিবিকৈ ডাটা লাভ কৰিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি