নিপকুৱে পুনৰ খুলি দিলে খাণ্ডং বান্ধৰ পানী: নগাঁও জিলাত হাই এলাৰ্ট, যি কোনো মুহূৰ্ততে আহিব পাৰে বান…

নিপকুৱে পুনৰ খুলি দিলে খাণ্ডং বান্ধৰ পানী: নগাঁও জিলাত হাই এলাৰ্ট, যি কোনো মুহূৰ্ততে আহিব পাৰে বান…

ডিজিটেল সংবাদ নগাঁও: নিপকোৱে পুনৰ খুলিলে বান্ধ ৷ পুৱা খাণ্ডং বান্ধৰ দুখনকৈ গেট খুলিব লগা পৰিবেশ হৈছে ৷ বান্ধত অতিৰিক্ত পানী জমা হোৱাৰ ফলত নেপক'য়ে বান্ধৰ দুখন গেট খুলিবলৈ বাধ্য হয় ৷

নগাঁও জিলাত ইতিমধ্যে বানে বিস্তৰ ক্ষতি সাধন কৰিছে ৷ প্ৰথমটো বানে তচনচ কৰা অবিভক্ত নগাঁও জিলাবাসী পুনৰ অনুৰূপ দুৰ্যোগৰ সন্মুখীন হোৱাৰ আশংকাই দেখা দিছে। ডিমাহাচাওৰ জলবিদ্যুৎ প্ৰকল্প কেন্দ্ৰৰ অন্তৰ্গত খাণ্ডং বান্ধৰ মুখ্য প্ৰবন্ধকে এক পত্ৰ যোগে খাণ্ডং বান্ধৰ পানী এৰি দিয়া বিষয়ে সদৰি কৰাৰ লগে লগে নগাঁও জিলা প্ৰশাসনে নৈপৰীয়া অঞ্চলৰ ৰাইজক সতৰ্ক কৰি দিছে।

সম্ভাব্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি কামপুৰ ৰাজহ চক্ৰ আৰু ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত কপিলীপৰিয়া ৰাইজক বুধবাৰৰ পৰা কপিলী নদীত গা-ধোৱা, সাঁতোৰ আৰু মাছ ধৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে। লগতে যিকোনো জৰুৰীকালীন অৱস্থাৰ বাবে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে ৷

ইতিমধ্যে নৈ পৰীয়া গাঁৱত আৰক্ষী আৰু চৰকাৰী গাঁওবুঢ়াই মাইকযোগে ৰাইজক সতৰ্ক কৰি দিছে।লক্ষণীয় বিষয় যে,কপিলী জলবিদ্যুৎ প্ৰকল্প আৰু কাৰ্বি লাংপি বিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত বহাগতে প্ৰথমটো বানে নগাঁও জিলাত বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে প্ৰায় চাৰি লাখ লোক বানত দিশহাৰা হৈ পৰিছিল।

শেহতীয়াকৈ পুনৰ ডিমা হাছাও জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াত কপিলী, কলং, হাৰিয়া আৰু নিশাৰি নৈৰ পাৰৰ জনসাধাৰণৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে।এফালে নেৰা নেপেৰা বৰষুণ আৰু আনফালে জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াত স্বাভাৱিকতে ৰাইজৰ মাজত ভয় শংকা দূগুনে বৃদ্ধি পাইছে। ইপিনে, কলং, কপিলী, ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in