প্ৰয়োজনত আৰক্ষী ফুলতকৈও কোমল আৰু কঠোৰতকৈও কঠোৰ হ’ব লাগিবঃ ভাস্কৰ জ্যোতি মহন্ত

প্ৰয়োজনত আৰক্ষী ফুলতকৈও কোমল আৰু কঠোৰতকৈও কঠোৰ হ’ব লাগিবঃ ভাস্কৰ জ্যোতি মহন্ত

ডিজিটেল সংবাদ কলিয়াবৰ: অসমত ক'তো এনকাউণ্টাৰ হোৱা নাই। যদি ক'ৰবাত কিবা হৈছে সেয়া পুলিচিঙৰে অংশ।- কলিয়াবৰত এই মন্তব্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ। ৰাজ্যত সংঘটিত এনকাউণ্টাৰৰ প্ৰসংগই ৰাজনীতি উত্তাল কৰাৰ লগতে বিষয়টো উচ্চ ন্যায়ালয়ৰ মজিয়া পোৱাৰ সময়তে বুধবাৰে কলিয়াবৰত এই মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ।

অসম চৰকাৰৰ "মৈত্ৰী" আঁচনিৰ অধীনত কলিয়াবৰ আৰক্ষী নিৱেশৰ নৱ নিৰ্মিত ভৱনৰ উদ্বোধন কৰি সংবাদমাধ্যমৰ সন্মুখত এনেদৰে ক'লে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে। ভাষণ প্ৰসংগত আৰক্ষী সঞ্চালক প্ৰধান মহন্তই লগতে কয় যে- প্ৰয়োজনত আৰক্ষী ফুলতকৈও কোমল হ'ব লাগিব আৰু প্ৰয়োজনত কঠোৰতকৈও কঠোৰ। সংবাদ মাধ্যমৰ লগতে সাধাৰণ লোকসকলো পোছাক নিপিন্ধা একোজন পুলিচ বুলি কয় মহন্তই। ৰাজ্যত এতিয়া আৰক্ষী প্ৰশাসনে নতুন প্ৰক্ৰিয়াৰে কামত লাগিছে বুলিও দোহাৰে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in