Advertisment

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসঃ জানো আহক ইয়াৰ গুৰুত্ব আৰু ইতিহাস

১৬ নৱেম্বৰ, শনিবাৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। সমগ্ৰ দেশজুৰি আজি পালন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ১৯৬৬ চনৰ ১৬ নৱেম্বৰত প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া চমুকৈ পি চি আই স্থাপন কৰা হৈছিল...

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ৰাষ্ট্ৰীয়

ডিজিটেল ডেস্কঃ ১৬ নৱেম্বৰ, শনিবাৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। সমগ্ৰ দেশজুৰি আজি পালন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ১৯৬৬ চনৰ ১৬ নৱেম্বৰত প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া চমুকৈ পি চি আই স্থাপন কৰা হৈছিল। এই বিশেষ দিনটোকে সন্মান জনাই প্ৰতিবছৰে ১৬ নৱেম্বৰৰ দিনটোক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰি অহা হৈছে। এই বছৰৰ প্ৰেছ দিৱসৰ বিষয়বস্তু হৈছে- মুক্ত, নায্য, আৰু দায়িত্বশীল সাংবাদিকতাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা।

Advertisment

১৯৬৬চনৰ ১৬নৱেম্বৰৰ পৰাই পৰাই প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াই নৈতিক প্ৰহৰী হিচাপে কাম কৰা আৰম্ভ কৰিছিল যাতে সংবাদ মাধ্যমে এই শক্তিশালী মাধ্যমৰ পৰা আশা কৰা উচ্চ মানদণ্ড বজাই ৰাখে।

ইতিহাসঃ ভাৰতত সংবাদ মাধ্যমৰ স্বীধনতা সুৰক্ষা কৰিবলৈ প্ৰথম প্ৰেছ আয়োগে এখন প্ৰেছ কাউন্সি গঠন কৰাৰ পৰিকল্পনা কৰিছিল। ১৯৬৬ চনৰ ৪ জুলাইত ভাৰতত প্ৰেছ কাউন্সিল স্থাপন কৰা হয়। এই কাউন্সিল ১৯৬৬ চনৰ ১৬ নৱেম্বৰৰ পৰা কাৰ্যকৰী হয়। সেয়েহে প্ৰতি বছৰে ১৬ নৱেম্বৰ দিনটোক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰা হয়।

গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্ত উদযাপন ৰাষ্ট্ৰীয় প্ৰেছ দিৱসঃ গুৱাহাটীৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলা আৰু সমজিলাত আজি উদযাপন কৰা হব ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ ইউনিয়নে প্ৰতিবছৰৰ দৰে এইবছৰো দিনজোৰা কাৰ্যসূচীৰে পালন কৰিব প্ৰেছ দিৱস। দিছপুৰ প্ৰেছ ক্লাৱত আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুয়ে আয়োজন কৰিছে বিশেষ অনুষ্ঠানৰ। ইফালে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত দিছপুৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত উদযাপিত হব প্ৰেছ দিৱস। সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ- এই বিষয়ৰ ওপৰত উক্ত অনুষ্ঠানত ভাষণ প্ৰদান কৰিব কুলধৰ শইকীয়াই। 

প্ৰেছ কাউন্সিলঃ প্ৰেছ আয়োগে ১৯৫৬ চনত প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া স্থাপনৰ পৰামৰ্শ দি এই সিদ্ধান্তত উপনীত হৈছিল যে সাংবাদিকতাত পেছাদাৰী নৈতিকতা বজাই ৰখাৰ সৰ্বেশ্ৰেষ্ঠ উপায় হ'ব আইনী কৰ্তৃত্বথকা এটা সংস্থা অস্তিত্বত অনা, মুখ্যতঃ মুখ্যতঃ উদ্যোগৰ সৈতে সম্পৰ্কিত লোকসকলৰ যাৰ কৰ্তব্য হ'ব মধ্যস্থতা কৰা।

১৯৭৮ চনৰ প্ৰেছ কাউন্সিল আইনৰ অধীনত ১৯৬৬ চনত ভাৰতীয় প্ৰেছ কাউন্সিল গঠন কৰা হৈছিল। ন্যায়াধীশ চন্দ্ৰমৌলী কুমাৰ প্ৰসাদ ভাৰতীয় প্ৰেছ কাউন্সিলৰ বৰ্তমানৰ অধ্যক্ষ। তেওঁক দ্বিতীয় কাৰ্যকালৰ বাবে নিযুক্তি দিয়া হৈছে। তেওঁ ন্যায়াধীশ মাৰ্কণ্ডেয় কাটজুৰ (২০১১-২০১৪) পিছত পৰিষদৰ অধ্যক্ষ হয়।

প্ৰেছ কাউন্সিলৰ গুৰুত্ব:

  • ভাৰতীয় প্ৰেছ কাউন্সিলে সংবাদ মাধ্যমৰ স্বাধীনতা সুৰক্ষিত কৰাৰ লগতে ভাৰতত সাংবাদিকতাৰ মানদণ্ড বজাই ৰখাত সহায় কৰে।

  • গণতন্ত্ৰ বজাই ৰখা আৰু মুক্ত বাকশক্তিৰ সুৰক্ষাৰ নিশ্চয়তা দিয়াৰ বাবে ইয়াক আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে গণ্য কৰা হয়।

  • ই সাংবাদিকতাৰ নৈতিকতা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা উলংঘা কৰাৰ বাবে সংবাদ মাধ্যমৰ দ্বাৰা আৰু বিপক্ষে কৰা অভিযোগৰ মধ্যস্থতা হিচাৰে কাম কৰে।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস