ভুৱা নথিৰে চাকৰি ! ৩৮২ শিক্ষকক নিলম্বন, ঘূৰাই দিব লাগিব দৰমহা...

ভুৱা নথিৰে চাকৰি ! ৩৮২ শিক্ষকক নিলম্বন, ঘূৰাই দিব লাগিব দৰমহা...
ভুৱা নথিৰে চাকৰি ! ৩৮২ শিক্ষকক নিলম্বন, ঘূৰাই দিব লাগিব দৰমহা...

ডিজিটেল ডেস্কঃ শিক্ষক নিযুক্তি কেলেংকাৰীক লৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে। ভুৱা নথিৰে চাকৰি লোৱা বহু শিক্ষকৰ চাকৰি কৰ্তন কৰাৰ নিৰ্দেশ দিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ যোগী আদিত্যনাথে। কেৱল সেয়াই নহয়, এই ভুৱা শিক্ষকসকলে লাভ কৰা বেতনো উভতাই দিব লাগিব।

ৰাজ্যখনৰ প্ৰশাসনৰ সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি ভুৱা নথিৰে চাকৰি লোৱা ৩৮২ জন শিক্ষকক প্ৰাথমিকভাৱে চিনাক্ত কৰা হৈছে। এই শিক্ষকৰ বিৰুদ্ধে দ্ৰুততাৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

২০০৬ ৰ পৰা ২০১৬ চনৰ ভিতৰত যিসকল শিক্ষকক নিয়োগ কৰা হৈছিল তাৰ মাজৰ এক বৃহৎ সংখ্যকে ভুৱা নথিৰে চাকৰি লৈছিল বুলি দাবী উত্তৰ প্ৰদেশ আৰক্ষীৰ। ৰাজ্যখনৰ ৪৮ খনত জিলাত তদন্ত চলাই ৩৮২ জন শিক্ষকক চিহ্নীত কৰিছে তদন্তকাৰী আৰক্ষীয়ে।

ইতিমধ্যে জিলা শিক্ষা বিভাগক এই সন্দৰ্ভত পত্ৰ লিখি এনে শিক্ষকৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে এ টি এছে যোৱা পাঁচ বছৰ ধৰি উত্তৰ প্ৰদেশৰ শিক্ষক নিয়োগত হোৱা দুৰ্নীতিৰ তদন্ত কৰি আছে।

তেওঁলোকে দাবী কৰিছে যে ভুৱা মাৰ্কশ্বীট, ভুৱা প্ৰমাণপত্ৰ আৰু ভুৱা নথি পত্ৰ দেখুৱাই বহুলোকে শিক্ষক হিচাপে চাকৰি পাইছিল। এইবাৰ যোগী আদিত্যনাথ চৰকাৰে সেই ভুৱা শিক্ষকক বিচাৰি উলিওৱাৰ কাম আৰম্ভ কৰিছে।

প্ৰশাসনৰ মতে, দেওৰিয়া জিলাৰ ৮৫ জন শিক্ষকক নিলম্বন কৰা হৈছে। জিলাখনৰ পৰা আন ৫২ জন তেনে শিক্ষকক চিনাক্ত কৰা হৈছে। তেওঁলোকৰ বিৰুদ্ধেও আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

ইয়াৰ উপৰিও, মথুৰাৰ ৪৩ জন শিক্ষক আৰু সিদ্ধাৰ্থ নগৰৰ ২৯ জন শিক্ষকক চিনাক্ত কৰা হৈছে। যদিহে তেওঁলোক দোষী সাব্যস্ত হয়, তেওঁলোকৰ চাকৰি বাতিল কৰাৰ লগতে তেওঁলোকে এতিয়ালৈকে লাভ কৰা দৰমহাও চৰকাৰক ঘূৰাই দিব লাগিব।

উল্লেখ্য যে, যিসময়ত এই শিক্ষ নিযুক্তি সংঘটিত হৈছিল সেই সময়ত ৰাজ্যখনত মায়াবতীৰ বহুজন সমাজবাদী পাৰ্টী আৰু অখিলেখ যাদৱৰ সমাজবাদী পাৰ্টীৰ চৰকাৰ আছিল। ২০০৬ ত সমাজবাদী পাৰ্টীৰ চৰকাৰ আছিল উত্তৰ প্ৰদেশত।

সেই সময়ত মুখ্যমন্ত্ৰী আছিল মুলায়েম সিং যাদৱ। ২০০৭ ত ক্ষমতালৈ আহে মায়াবতী। ২০১২ পৰ্যন্ত তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ পাছত পুনৰ সমাজবাদীৰ পাৰ্টীৰ চৰকাৰ গঠন হয় আৰু মুখ্যমন্ত্ৰী হয় অখিলেখ সিং যাদৱ।

ভুৱা নথিৰে চাকৰি ! ৩৮২ শিক্ষকক নিলম্বন, ঘূৰাই দিব লাগিব দৰমহা...
ভোগালীৰ প্ৰাকক্ষণত বাংলাগড় বজাৰত ভিৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in