/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/f44de7b3-dad0-4248-83e0-05ed14c9349d/delhi_protest.jpg)
ডিজিটেল ডেস্ক : ক্ৰমাৎ কুৎসিত ৰূপ লৈ গৈ আছে যন্তৰ মন্তৰৰ প্ৰতিবাদে । ভাৰতীয় মল্লযুদ্ধ সংস্থাৰ সভাপতি তথা বিজেপি সাংসদ ব্ৰীজভূষণ সিঙৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ উত্থাপন হোৱাৰ পাছত প্ৰতিবাদত বহিছিল দেশৰ বহু কেইগৰাকী শীৰ্ষৰ মল্লযোদ্ধা । কিন্তু প্ৰতিবাদৰ পাছতো মল্লযোদ্ধাসকলৰ মন্তব্য অনুসৰি, ব্ৰীজভূষণৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে নতুন দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল মল্লযোদ্ধাসকলে ।
কেইবাদিনো ধৰি একেলেথাৰিয়ে চলাই অহা এই প্ৰতিবাদৰ মাজতেই বহু কেইবাৰ আৰক্ষীৰ সৈতে বাক-বিতণ্ডাতো লিপ্ত হ'ব লগীয়া হৈছিল খেলুৱৈসকল । বিভিন্ন ৰাজনৈতিক, প্ৰশাসনিক চাঁপৰ মাজলৈ আহিছিল কেইবাগৰাকী আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযোদ্ধা । কিন্তু অব্যাহত থাকিল প্ৰতিবাদ । তাৰ মাজতেই ৩ মে'ৰ দিনত অহা নেৰানেপেৰা বৰষুণৰ অন্তত প্ৰতিবাদকাৰীসকলক নিশাটো কটাবলৈ বিচনাৰ যোগান ধৰিছিল আম আদমী পাৰ্টীৰ বিধায়ক সোমনাথ ভাৰতীয়ে । কিন্তু আৰক্ষীৰ অনুমতি অবিহনে এই কাৰ্য কৰাৰ বাবে নিশায়েই আৰক্ষীৰ সৈতে বাক বিতণ্ডা সংঘটিত হ'ল প্ৰতিবাদস্থলীত ।
তাৰ পাছতেই দুগৰাকী ব্যক্তি আহত হোৱাৰ ওপৰিও এগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাব লগীয়া হয় নিশায়েই ।
কেৱল এয়াই নহয়, খেলুৱৈসকলৰ দাবী অনুসৰি সুৰামত্ত অৱস্থাত থকা আৰক্ষীয়ে নিশা খেলুৱৈসকলৰ সৈতে দুৰ্ব্যৱহাৰ হোৱাৰো অভিযোগ উত্থাপন হয় । শাৰীৰিক শক্তি প্ৰয়োগ কৰাৰো অভিযোগ উত্থাপন হয় দিল্লী আৰক্ষীৰ বিৰুদ্ধে ।
উল্লেখ্য যে, দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চল হোৱাৰ বাবেই দিল্লী আৰক্ষীৰ ওপৰত কোনো ধৰণৰ কৰ্তৃত্ব নাই ৰাজ্য চৰকাৰৰ । কেন্দ্ৰীয় চৰকাৰ নিৰ্দেশত হে পদক্ষেপ গ্ৰহণ কৰে দিল্লী আৰক্ষীয়ে । তেনেস্থলত নিশা সুৰামত্ত অৱস্থাত প্ৰতিবাদস্থলীলৈ আহি দেশলৈ সুনাম কঢ়িয়াই অনা খেলুৱৈসকলৰ সৈতে দুৰ্ব্যৱহাৰৰ অভিযোগ কিদৰে খণ্ডন কৰিব কেন্দ্ৰীয় চৰকাৰে ?