বিশ্ব প্ৰেছ স্বাধীনতা দিৱসঃ প্ৰেছ ফ্ৰীডম ইনডেস্কত ভাৰতৰ স্থান ১৫১

ৱ’ৰ্ল্ড প্ৰেছ ফ্ৰীডম ইনডেক্সে ভাৰতৰ সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰকৃত স্বৰূপ উন্মোচিত কৰিছে। ২০২৫ চনৰ ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইনডেক্সত ১৮০ ৰ ভিতৰত ভাৰত আছে ১৫১ নম্বৰ স্থানত।

author-image
Tushar Pratim
New Update
বিশ্ব প্ৰেছ স্বাধীনতা দিৱসঃ প্ৰেছ ফ্ৰীডম ইনডেস্কত ভাৰতৰ স্থান ১৫১

ডিজিটেল ডেস্কঃ আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস। প্রতিবছৰে ৩ মে'ত সংবাদ মাধ্যমৰ স্বাধীনতাৰ মৌলিক অধিকাৰক স্বীকৃতি দিয়া, সমগ্র বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতা মূল্যায়ন কৰা, সংবাদ মাধ্যমক তেওঁলোকৰ স্বাধীনতাৰ ওপৰত আক্ৰমণৰ পৰা ৰক্ষা কৰা আৰু বিভিন্ন সময়ত কৰ্তব্যৰ সময়ত প্রাণ হেৰুওৱা সাংবাদিকসকলক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়।

Advertisment

২০২৫বৰ্ষৰ এই দিৱসৰ বিষয়বস্তু হৈছে কৃত্ৰিম বুদ্ধিমত্তাই কিদৰে সংবাদ মাধ্যমক প্ৰভাৱিত কৰিছে (How Artificial Intelligence (AI) is affecting journalism)। ইউনেস্ক’ৰ সাধাৰণ সন্মিলনৰ পৰামৰ্শ অনুসৰি ১৯৯৩ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে বিশ্ব প্ৰেছ স্বাধীনতা দিৱস ঘোষণা কৰিছিল।

আজিৰ এই বিশেষ দিনটোত বিভিন্ন জনে সংবাদ মাধ্যম আৰু ইয়াৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ শুভেচ্ছা জ্ঞাপন কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে মানি লোৱা সংবাদ মাধ্যমৰ স্বাধীনতাৰ সন্দৰ্ভত মত পোষণ কৰিছে যদিও ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতাক লৈ প্ৰশ্ন উত্থাপিত হৈ আহিছে।

মন কৰিবলগীয়া যে, যিসময়ত আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনোৱা হৈছে, ঠায়ে ঠায়ে এই দিৱস পালন কৰা হৈছে সেই সময়তে কিন্তু ৱ’ৰ্ল্ড প্ৰেছ ফ্ৰীডম ইনডেক্সে ভাৰতৰ সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰকৃত স্বৰূপ উন্মোচিত কৰিছে। ২০২৫ চনৰ ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইনডেক্সত ১৮০ ৰ ভিতৰত ভাৰত আছে ১৫১ নম্বৰ স্থানত।

এই প্ৰতিবেদনত ভাৰতৰ সংবাদ মাধ্যমৰ এই দুৰৱস্থাৰ দিশটো প্ৰতিফলিত হৈছে।তাৰোপৰি সামগ্ৰিক ভাৱে সংবাদ মাধ্যমৰ প্ৰতিয়েই এই সময়ছোৱাত নানান দিশৰ পৰা প্ৰত্যাহ্বান আহিছে।

বাতৰি সম্প্ৰচাৰক লৈ থকা প্ৰত্যাহ্বানক ধৰি অৰ্থনৈতিকভাৱেও যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সংবাদ মাধ্যম। তথ্য অনুসৰি  বিশ্ব প্ৰেছ ফ্ৰিডম সূচকাংকত অৰ্থনৈতিক সূচক ইতিহাসৰ সৰ্বনিম্ন স্থানত আছে। বৰ্তমানৰ বিশ্বৰ পৰিস্থিতি কঠিন বুলি গণ্য কৰা হৈছে। 

গুগল, এপল, ফেচবুক, আমাজন আৰু মাইক্ৰ’ছফটৰ দৰে প্ৰখ্যাত কোম্পানীসমূহৰ তথ্য প্ৰচাৰৰ ক্ষেত্ৰত যি আধিপত্য আছে তাৰ বাবে ইতিমধ্যে দুৰ্বল হৈ পৰা সংবাদ মাধ্যমৰ অৰ্থনীতিৰ বাবে গুৰুতৰ পুঁজি কৰ্তন এক অতিৰিক্ত আঘাত হিচাপে চিহ্নীত হৈছে।

ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইনডেক্সৰ প্ৰতিবেদনত এই কথাও কোৱা হৈছে যে, বিশ্বৰ ৪২ খন দেশ য’ত বিশ্বৰ আধাতকৈয়ো অধিক জনসংখ্যাই বাস কৰে সেই ৪২ খন দেশৰ সংবাদ মাধ্যমৰ পৰিস্থিতি অতি গুৰুতৰ। এই অঞ্চলত সংবাদ মাধ্যমৰ স্বাধীনতা সম্পূৰ্ণৰূপে অনুপস্থি আৰু সংবাদিকতা কৰাটো বিশেষভাৱে বিপজ্জনক।

২০২৫ ৰ প্ৰেছ ফ্ৰীডম ইনডেক্সৰ তালিকা অনুসৰি নৰৱে আছে প্ৰথম স্থানত। একেবাৰে তলত আছে ইৰিত্ৰিয়া। ভাৰতৰ তলত স্থান পোৱা দেশসমূহৰ ভিতৰত আছে ভূটান, পাকিস্তান, তুৰস্ক, পেলেষ্টাইন, চীন, ৰাছিয়া, আফগানিস্তান, ছিৰিয়া, উত্তৰ কোৰিয়া আদি।

স্মৰ্তব্য ২০২৫ ত ভাৰত প্ৰেছ ফ্ৰীডম ইনেডেক্সৰ তালিকাত ১৫১ নম্বৰ স্থানত আছে যদিও ইয়াৰ পূৰ্বে ২০১৯ চনত ১৪০ নং স্থানত, ২০২০ আৰু ২০২১ চনত ১৪২ নং স্থানত, ২০২২ চনত ১৫০ নং স্থানত আৰু ২০২৩ চনত ১৬১ নং স্থানলৈ ধাৰাবাহিকভাৱে অৱনমিত হৈছিল। 

প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতকে ধৰি বহু দেশত সংবাদ মাধ্যমৰ মালিকীস্বত্ব ৰাজনৈতিক শক্তিৰ হাতত কেন্দ্ৰীভূত হোৱাটোৱে সংবাদ মাধ্যমৰ বহুত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

এই প্ৰতিবেদনতখনত এই কথাও সকীয়াই দিয়া হৈছে যে বিশ্বৰ প্ৰায় এক তৃতীয়াংশ দেশত অৰ্থনৈতিক দুৰ্দশাৰ বাবে সংবাদ প্ৰতিষ্ঠান বন্ধ হৈ আছে। তাৰোপৰি মধ্যপ্ৰাচ্য-উত্তৰ আফ্ৰিকা অঞ্চলটো সাংবাদিকসকলৰ বাবে বিশ্বৰ ভিতৰতে আটাইতকৈ বিপজ্জনক স্থান হৈয়েই আছে। 

ইজৰাইলী সেনাই গাজাত সাংবাদিকতাক গণধ্বংস কৰাত লিপ্ত হৈছে। মধ্য প্ৰাচ্যৰ কাটাৰৰ বাহিৰে অঞ্চলটোৰ প্ৰতিখন দেশেই ‘কঠিন’ বা ‘অতি গুৰুতৰ’ সংবাদ স্বাধীনতাৰ পৰিস্থিতিত আছে।
প্ৰতিবেদনত কোৱা হৈছে যে, গাজাত ইজৰাইলী সেনাই নিউজ ৰুম ধ্বংস কৰি প্ৰায় ২০০ সাংবাদিকক হত্যা কৰিছে আৰু ১৮ মাহতকৈ অধিক সময় ধৰি গাজা ষ্ট্ৰিপত সম্পূৰ্ণ অৱৰোধ আৰোপ কৰিছে। হাইটিত ৰাজনৈতিক স্থিতিশীলতাৰ অভাৱে সংবাদ মাধ্যমৰ অৰ্থনীতিও ধ্বংস কৰিছে।

 

সংবাদ কৰ্মী সংবাদ মাধ্যম world press freedom day