/asomiyapratidin/media/media_files/2025/06/07/fWDbPZy6rvMO1GnkXLXK.jpeg)
ডিজিটেল ডেস্কঃ দৰিদ্ৰতা নিৰ্মুলৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। শেহতীয়াকৈ বিশ্ব বেংকৰ এক প্ৰতিবেদন অনুসৰি সামগ্ৰিকভাৱে ভাৰতৰ পৰা দৰিদ্ৰতা যোৱা এটা দশকত যথেষ্ট হ্ৰাস পাইছে।
তথ্য অনুসৰি ২০২১-১২ চনত ভাৰতত চৰম দৰিদ্ৰতাৰ হাৰ আছিল ২৭.১ শতাংশ। এই সংখ্যা ২০২২-২৩ বৰ্ষত ৫.৩ শতাংশলৈ হ্ৰাস পাইছে। বিশ্ব বেংকৰ তথ্য অনুসৰি যোৱা এটা দশকত ভাৰতে প্ৰায় ২৭ কোটি লোকক চৰম দৰিদ্ৰতাৰ পৰা মুক্তি দিবলৈ সক্ষম হৈছে।
আৰ্থ-সামাজিক বিকাশৰ ক্ষেত্ৰত ইয়াক উলক্ষনীয় কৃতিত্ব বুলি বিশ্ব বেংকৰ এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে। প্ৰসংগক্ৰমে বিশ্ব বেংকৰ ২০২২ চনৰ ‘দৰিদ্ৰতা আৰু ভাগ-বতৰা সমৃদ্ধি’ শীৰ্ষক প্ৰতিবেদনত কোৱা হৈছিল যে ২০২০ চনৰ কোভিড-১৯ মহামাৰীৰ সময়ত ভাৰতৰ কমেও ৫.৬ কোটি লোকে দৰিদ্ৰ সীমাৰেখাৰ তললৈ গতি কৰিছিল।
কিন্তু শেহতীয়া এক প্ৰতিবেদনে স্পষ্টকৈ কোৱা হৈছে ভাৰতে কোভিডৰ পিছৰ পৰিস্থিতিত দৰিদ্ৰতা নিৰ্মুলৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ২০১১-১২ চনত ভাৰতৰ ‘অতি দৰিদ্ৰ’ জনসংখ্যা আছিল প্ৰায় ৩৪৫ নিযুত।
২০২২-২৩ চনত এই সংখ্যা ৭.৫ কোটিলৈ হ্ৰাস পাইছে। আনকি প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০১১-২৩ চনৰ ভিতৰত কম আৰু মধ্যম আয়ৰ লোকসমূহৰ মাজতো দৰিদ্ৰতাৰ হাৰ ৫৭.৭ শতাংশৰ পৰা ২৩.৯ শতাংশলৈ হ্ৰাস পাইছে।
দৰিদ্ৰতাৰ সংজ্ঞা নিৰূপণৰ বাবে বিশ্ব বেংকে দৈনিক ব্যয়ৰ সীমা ২.১৫ ডলাৰ (প্ৰায় ১৮৪ টকা) নিৰ্ধাৰণ কৰিছিল। এই সংখ্যা ২০২১ চনত ৩ ডলাৰ (প্ৰায় ২৫৭ টকা)লৈ বৃদ্ধি কৰা হয়। তাৎপৰ্যপূৰ্ণভাৱে ইয়াৰ পিছতো ভাৰতত দৰিদ্ৰ লোকৰ সংখ্যা হ্ৰাস পাইছে।