মুছলমান মহিলা অধিবক্তাই মুখ ঢাকি আহিছিল ন্যায়ালয়লৈঃ তাৰ পাছতেই বিতৰ্ক

মহিলা অধিবক্তাই মুখ ঢাকি ন্যায়ালয়ত উপস্থিত হ’ব নোৱাৰে। এনে কোনো নিয়ম ভাৰতীয় বাৰ কাউন্সিলে নিৰ্ধাৰণ কৰা নাই। ন্যায়ালয়ত উপস্থিতিৰ সময়ত কোনো অধিবক্তাই মুখত আৱৰণ লৈ আহিব নোৱাৰিব।

author-image
Asomiya Pratidin
New Update
মুছলমান মহিলা অধিবক্তাই মুখ ঢাকি আহিছিল ন্যায়ালয়লৈঃ তাৰ পাছতেই বিতৰ্ক

ডিজিটেল ডেস্কঃ মহিলা অধিবক্তাই মুখ ঢাকি ন্যায়ালয়ত উপস্থিত হব নোৱাৰে। এনে কোনো নিয়ম ভাৰতীয় বাৰ কাউন্সিলে নিৰ্ধাৰণ কৰা নাই। ন্যায়ালয়ত উপস্থিতিৰ সময়ত কোনো অধিবক্তাই মুখত আৱৰণ লৈ আহিব নোৱাৰিব। এই নিৰ্দেশ প্ৰদান কৰিছে জন্মু কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ে।

শেহতীয়াকৈ জম্মু কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ত সংঘটিত হয় এক অনাকাংক্ষিত ঘটনা। এগৰাকী ইছলাম ধৰ্মীয় মহিলা অধিবক্তাই ঘৰুৱা হিংসা সংক্ৰান্তিয় এক গোচৰত সম্পূৰ্ণৰূপে মুখ ঢাকি ন্যায়ালয়ত উপস্থিত হয়।

অধিবক্তাগৰাকীয়ে নিজকে চৈয়দ আইনেইন কাদৰী বুলি পৰিচয় দিয়ে।এই গোচৰৰ শুনানি গ্ৰহণ কৰিছিল ন্যায়াধীশ ৰাহুল ভাৰতীয়ে। গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশগৰাকীয়ে মহিলা অধিবক্তাগৰাকীক তেওঁৰ মুখখন দেখুৱাবলৈ কয়।

কিন্তু মহিলা অধিবাক্তাগৰাকীয়ে তেওঁৰ মুখ নেদেখুলে। বৰঞ্চ মহিলা অধিবক্তাগৰাকীয়ে দাবী কৰে মুখ ঢাকি ন্যায়ালয়ত উপস্থিত হোৱাটো তেওঁৰ অধিকাৰ। ন্যায়ালয়ে তেওঁক মুখৰ আৱৰণ আঁতৰাবলৈ বাধ্য কৰিব নোৱাৰে।

ইয়াৰ পিছতেই বিষয়টোক লৈ বিতৰ্ক হয়। ন্যায়ালয়ে মহিলা অধিবক্তাগৰাকীৰ এনে যুক্তিত কয় যে, মনোৰঞ্জনৰ বাবে তেওঁৰ মুখ চাবলৈ বিচৰা নাই। আদালতে কেৱল তেওঁৰ সঠিক পৰিচয় নিশ্চিত কৰিবলৈহে আৱৰণ আঁতৰাবলৈ কৈছে।

তাৰোপৰি ন্যায়াধীশগৰাকীয়ে আবেদনকাৰীসকলোকো সতৰ্ক কৰি দি কয় যে, যদিহে অধিবাক্তাগৰাকীয়ে মুখৰ আৱৰণ আঁতৰ নকৰে তেন্তে তেওঁক চিনাক্ত কৰিব নোৱাৰাৰ বাবে গোচৰটো খাৰিজ কৰিব।

তাৰপাছতো মহিলা অধিবক্তাগৰাকীয়ে মুখৰ আৱৰণ আঁতৰ নকৰাত ন্যায়ালয়ে গোচৰৰ শুনানিৰ দিন পিছুৱাই দিবলৈ বাধ্য হয় আৰু অধিবক্তাগৰাকীয়ে পোছাক বিধিৰ নিয়মৰ ওপৰত ৰেজিষ্টাৰ জেনেৰেলৰ প্ৰতিবেদন বিচাৰে। সেই মতেই যোৱা ৫ ডিচেম্বৰত ৰেজিষ্টাৰ জেনেৰেলৰ প্ৰতিবেদন দাখিল কৰা হয়।

এই প্ৰতিবেদন পৰীক্ষা কৰাৰ অন্তত ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে, ভাৰতীয় বাৰ কাউন্সিলে নিৰ্ধাৰণ কৰা নিয়মৰ ভিতৰত এনে কোনো অধিকাৰৰ কথা উল্লেখ নাই। ন্যায়াধীশ মোক্ষ খাজুৰীয়া কাজমীয়ে ভাৰতীয় বাৰ কাউন্সিলৰ অধীনত থকা ব্যৱস্থাসমূহৰ উদ্ধৃতি দি এই কথা উল্লেখ কৰিছে।

অৱশ্যে মহিলা অধিবক্তাগৰাকী দ্বিতীয়বাৰৰ বাবে ন্যায়ালয়ত উপস্থিত নহল। তেওঁৰ সলনি আবেদনকাৰীসকলে আন এগৰাকী অধিবাক্তক তেওঁলোকৰ হৈ যুক্তি দিবলৈ দায়িত্ব অৰ্পণ কৰে।

জম্মু-কাশ্মীৰ অধিবক্তা