আগন্তুক ৫ দিনত শীত প্ৰবাহে গঢ়িব অভিলেখঃ আহিব বৰষুণ, হ'ব তুষাৰপাত...

আগন্তুক ৫ দিনত শীত প্ৰবাহে গঢ়িব অভিলেখঃ আহিব বৰষুণ, হ'ব তুষাৰপাত...
আগন্তুক ৫ দিনত শীত প্ৰবাহে গঢ়িব অভিলেখঃ আহিব বৰষুণ, হ'ব তুষাৰপাত...

ডিজিটেল ডেস্কঃ আগন্তুক ৫ দিনত উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত শীত প্ৰবাহ তীব্ৰতৰ হোৱাৰ আশংকা কৰা হৈছে। প্ৰচণ্ড শীতে কোবাই যাব উত্তৰ পূৱৰ দলে দেশৰ বিভিন্ন অঞ্চল। আহিব বৰষুণ, হ'ব তুষাৰ পাত আৰু বলিব মৃদু বতাহ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আই এম ডি) এই তথ্য প্ৰদান কৰিছে। বতৰ বিজ্ঞান বিভাগৰ মতে, বৃহস্পতিবাৰে দক্ষিণ হাৰিয়ানা, পূব ৰাজস্থান, মধ্য প্ৰদেশৰ উত্তৰ অংশ আৰু বিহাৰৰ কিছু অঞ্চলত শীত প্ৰবাহ তীব্ৰ হৈ পৰিব।

উত্তৰ মধ্য প্ৰদেশৰ কিছু অংশ আৰু পূব উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ দূৰৱৰ্তী অঞ্চলত সৰ্বনিম্ন তাপমাত্ৰা ২-৫ ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত হোৱাৰ আশংকা কৰা হৈছে। উত্তৰ-পশ্চিম ভাৰতৰ সমভূমি আৰু দেশৰ মধ্য আৰু পূব অংশৰ বেছিভাগ ঠাইত সৰ্বাধিক তাপমাত্ৰা ২০ ৰ পৰা ২৪ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত নথিভুক্ত কৰা হৈছে।

উল্লেখ্য যে যোৱা ১৫ জানুৱাৰীৰ পৰা ১৮ জানুৱাৰীলৈকে ৰাজস্থান, হাৰিয়ানা, পঞ্জাৱ, চণ্ডিগড়, দিল্লী, পশ্চিম উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশৰ উত্তৰ অংশত শীতল প্ৰবাহ অধিক হৈছে। ১৯ জানুৱাৰীৰ পৰা নতুনকৈ পশ্চিমীয়া বিভ্ৰান্তিৰ প্ৰভাৱত, এই অঞ্চলবোৰৰ বেছিভাগ অঞ্চলত শীত প্ৰবাহ আৰু তীব্ৰতৰ হোৱাৰ আশংকা কৰা হৈছে।

আনহাতে ২০ জানুৱাৰীৰ নিশাৰ পৰা ২৬ জানুৱাৰীলৈ পশ্চিম হিমালয় অঞ্চল আৰু ২৩ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ উত্তৰ-পশ্চিম ভাৰতৰ সমভূমিত পাতল বৰষুণ, তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে।

২০ ৰ পৰা ২২ জানুৱাৰীলৈ জম্মু-কাশ্মীৰ, লাডাখ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত পাতলৰ পৰা মধ্যমীয়া বৰষুণ আৰু তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে। ২৩ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীৰ ভিতৰত বৰষুণ আৰু তুষাৰপাত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

২৩ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ পঞ্জাৱ, হাৰিয়ানা, দিল্লী, উত্তৰ ৰাজস্থান আৰু পশ্চিম উত্তৰ প্ৰদেশত পাতলৰ পৰা মধ্যমীয়া বৰষুণ আৰু বজ্ৰপাতহোৱাৰ সম্ভাৱনা আছে।

ইয়াৰোপৰি বতৰ বিজ্ঞান বিভাগে ১৯ ৰ পৰা ২৫ জানুৱাৰীলৈ পশ্চিমীয়া বিভ্ৰান্তিৰ বাবে জম্মু আৰু কাশ্মীৰত বৰষুণৰ ভৱিষ্যতবাণী কৰিছে। বিভাগৰ মতে, ১৯ ৰ পৰা ২১ জানুৱাৰীলৈ আকাশ ডাৱৰীয়া হৈ থাকিব।

কিছু কিছু অংশত পাতল বৰষুণ বা তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে। ২২ জানুৱাৰীৰ নিশাৰ পৰা ২৪ জানুৱাৰীৰ ৰাতিপুৱালৈকে অতি ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকা কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in