/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/9db38713-21dd-44fa-9f39-2364283ef4d5/AP_FOR_WEB_nikhil.jpg)
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অভিযোগ অনুসৰি ৩৬ বছৰীয়া এগৰাকী ব্যক্তিক মৰিয়াই হত্যা কৰিলে পত্নীয়ে। জানিব পৰা মতে পত্নীৰ জন্মদিনত স্বামীয়ে ডুবাইলৈ লৈ যোৱাৰ বাবে অস্বীকাৰ কৰিছিল। যাৰ বাবে ক্ষোভত পত্নীয়ে স্বামীৰ ওপৰত আক্ৰমণ কৰে। শুকুৰবাবে পুনেৰ বনাবাড়ী অঞ্চলত সংঘটিত হৈছে এই ঘটনা।
মৃত্যু হোৱা লোকজন ব্যৱসায়ী নিখিল খান্না বুলি চিনাক্ত হৈছে। নিখিলে প্ৰায় ৬ বছৰ পূৰ্বে ৰেনুকাৰ লগত প্ৰেম বিবাহত আৱদ্ধ হৈছিল। আৰক্ষীৰ মতে এই ঘটনা শুকুৰবাৰৰ। প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে, দুই স্বামী-স্ত্ৰীৰ মাজত সংঘাত হৈছিল। কিয়নো নিখিলে পত্নী ৰেনুকাক জন্মদিনত ডুবাইলৈ যোৱাত অস্বীকাৰ হৈছিল।
জন্মদিন উপলক্ষে ৰেনুকাই দামী উপহাৰ বিচাৰিছিল। ইয়াৰোপৰি ৰেনুকাৰ পৰিয়ালৰ লোকে তেওঁৰ জন্মদিন দিল্লীত আয়োজন কৰিব বিচাৰিছিল। কিন্তু তাতো অমান্তি হৈছিল নিখিল।
এই ঘটনাক লৈ তেওঁলোকৰ মাজত কাজিয়া হৈছিল। কাজিয়াৰ মাজতে ৰেনুকাই নিখিলক প্ৰহাৰ কৰিছিল। প্ৰহাৰক নিখিলৰ দাঁত ভাঙি যোৱাৰ লগতে অজ্ঞান হৈ পৰিছিল। পৰৱৰ্তী সময়ত মৃত্যু হৈছিল নিখিলৰ।
ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ৰেনুকাক গ্ৰেপ্তাৰ কৰিছে।
Also Read: আকৰ্ষণীয় ৰূপত জিলিকি উঠিছে তিতাবৰৰ মাধপুৰ পঞ্চায়ত কাৰ্যালয়