স্বামীৰ মৃত্যু হ’লে শাহু-শহুৰৰ ভৰণ-পোষণৰ বাবে দায়বদ্ধ নহয় বোৱাৰী...

বিভিন্ন সময়ত স্বামীৰ মৃত্যু হ’লে শাহু-শহুৰৰ ভৰণ পোষণ বোৱাৰীগৰাকীয়ে বহন কৰা দেখা যায় । শেহতীয়াকৈ এটা গোচৰৰ শুনানিত বুম্বে হাই কৰ্টে এটা ৰায় প্ৰদান কৰিছে । য’ত উল্লেখ কৰিছে যে স্বামীৰ মৃত্যু হ’লে পৰিয়ালৰ চম্ভালিবলৈ বাধ্য নহ’য় বোৱাৰীগৰাকী
বুম্বে হাই কৰ্ট
বুম্বে হাই কৰ্ট

ডিজিটেল ডেস্কঃ বিভিন্ন সময়ত স্বামীৰ মৃত্যু হ’লে শাহু-শহুৰৰ ভৰণ পোষণ দায়িত্ব বোৱাৰীগৰাকীয়ে বহন কৰা দেখা যায় । শেহতীয়াকৈ এটা গোচৰৰ শুনানিত বুম্বে হাই কৰ্টে এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে । য’ত উল্লেখ কৰিছে যে স্বামীৰ মৃত্যু হ’লে পৰিয়ালৰ চম্ভালিবলৈ বাধ্য নহয় বিধৱা বোৱাৰীগৰাকী ।

মহাৰাষ্ট্ৰ ৰাজ্যিক পথ পৰিবহণ নিগমত (এমএছআৰটিচি) কণ্ডাক্টৰ হিচাপে কাম কৰা এজন ব্যক্তিৰ বিধৱা পত্নীৰ আবেদনৰ শুনানিত এই ৰায় প্ৰদান কৰিছে । চিআৰপিচি ধাৰা ১২৫ ৰ অধীনত পিতৃ-মাতৃয়ে বোৱাৰীক ৰক্ষণা-বেক্ষণৰ দাবী কৰিব নোৱাৰিব ।

উল্লেখ্য যে বিধবা মহিলাগৰাীকয়ে স্বামীৰ মৃত্যুৰ পিছতেই স্বাস্থ্য বিভাগত কাম কৰে । আৰু বিধবা মহিলাগৰাকীৰ শাহু-শহুৰ বৃদ্ধ । তেওঁলোকৰ কোনোধাৰণৰ আয় নাই । এইলৈ ৰাজ্যখনৰ লাতুৰ জিলাৰ জলকোটৰ ন্যায়াধিকাৰী গ্ৰাম নিয়ায়ালয়াৰ ওচৰত ৰক্ষণাবেক্ষণৰ বাবে আবেদন দাখিল কৰিছিল ।

এই আবেদনৰ শুনানিত আদালতক বিধৱা বোৱাৰীগৰাকীয়ে জনায় যে তেওঁৰ শাহুৰ শহুৰৰ চাৰিজনী ছোৱালীৱে তেওঁলোকৰ স্বামীৰ সৈতে বসবাস কৰি আছে । আৰু তেওঁলোকেও মাক দেউতাকৰ পৰা সম্পতিৰ ভাগ লৈছে ।

সেয়ে তেওঁলোকে নিজ পিতৃ মাতৃৰ ভৰণ পোষণ লোৱাৰ বাবে নিশ্চিতভাবে দায়বদ্ধ বুলিও উল্লেখ কৰে । লগতে মহিলাগৰাকীয়ে আদালতক জনাই যে স্বামীৰ মৃত্যুৰ পিছতেই এমএছআৰটিচিৰ পৰা ১,৮৮,০০০ টকা লাভ কৰিছে । বাকী ধন মহিলাগৰাকীৰ নাবালক পুত্ৰ প্ৰদান কৰা হৈছে ।

এই বিষয়টোৰ ৰায় প্ৰদান কৰি ন্যায়াধীশ চাণ্টে উল্লেখ কৰে যে যিকোনো ব্যক্তিৰ নিজকে জীয়াই ৰখাৰ বিভিন্ন উপায় আছে । তদুপৰি ন্যায়াধীশগৰাকীয়ে কয় যে যদিহে নিজকে ৰক্ষণাবেক্ষণ কৰিবলৈ পিতৃ-মাতৃ সক্ষম নহয়, তেন্তে তেওঁলোকৰ পত্নী, সন্তানে চোৱা-চিতা কৰাৰ ক্ষেত্ৰত অস্বীকাৰ কৰিব নোৱাৰে ।

বুম্বে হাই কৰ্ট
ইমান বেছি গৰম ! এইবাৰ ব'হাগক দহিছে প্ৰখৰ ৰ'দে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in