Advertisment

মহাৰাষ্ট্ৰত শাসক বিৰোধীৰ মাজত আৰম্ভ মুখ্যমন্ত্ৰী কেন্দ্ৰিক সংঘাত

মুখ্যমন্ত্ৰী কোন হ’ব? নিৰ্বাচনী ফলাফল ঘোষণা হ’বলৈ মাজত এতিয়াও কেইবাঘণ্টা আছে যদিও মহাৰাষ্ট্ৰত শাসক আৰু বিৰোধী শিবিৰত মুখ্যমন্ত্ৰী কেন্দ্ৰিক সংঘাত স্পষ্ট হৈ পৰিছে। 

author-image
Asomiya Pratidin
New Update
মহাৰাষ্ট্ৰৰ পৰ্ৱৰ্তী মুখ্যমন্ত্ৰী

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী কোন হ’ব? নিৰ্বাচনী ফলাফল ঘোষণা হ’বলৈ মাজত এতিয়াও কেইবাঘণ্টা আছে যদিও মহাৰাষ্ট্ৰত শাসক আৰু বিৰোধী শিবিৰত মুখ্যমন্ত্ৰী কেন্দ্ৰিক সংঘাত স্পষ্ট হৈ পৰিছে। 

Advertisment

ৰাজ্যখনত পুনৰ ক্ষমতালৈ কোন আহিব সেয়া ২৩ নৱেম্বৰ, ২০২৪ ত স্পষ্ট হ’ব যদিও বিভিন্ন সংস্থাৰ এক্সিট পোলে 'মহাজুটি'ৰে চৰকাৰ হোৱাৰ ইংগিত প্ৰদান কৰিছে। অৱশ্যে এক্সিট পোলে ৰাজ্যখনত দুয়োটা শিবিৰৰ মাজত যুঁজখন যে সহজ নহ'ব সেই কথাৰো ইংগিত প্ৰদান কৰিছে।

ৰাজ্যখনত নিৰ্বাচনৰ ভোটগ্ৰহণ অন্ত পৰাৰ পাছতে মুখ্যমন্ত্ৰী কেন্দ্ৰিক বিতৰ্কই প্ৰাণ পাই উঠিছে। এই বিতৰ্কক প্ৰথমে আৰম্ভ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি নানা পাটেলে। 

বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাৰ পাছতে নানা পাটেলে লাভ কৰিছিল মহাৰাষ্ট্ৰৰ কংগ্ৰেছৰ মুৰব্বীৰ দায়িত্ব। বিদৰ্ভৰ এইগৰাকী অতি প্ৰভাৱশালী নেতা ভাণ্ডাৰ জিলাত থকা নিজৰ নিৰ্বাচনী কেন্দ্ৰলৈ যোৱাৰ সময়তে তেওঁৰ সমৰ্থকসকলে তেওঁক মহাৰাষ্ট্ৰৰ ভাৱি মুখ্যমন্ত্ৰী হিচাপে চিনাকী কৰি দিয়াৰ লগতে বিভিন্ন শ্লোগান দিয়ে।

নানা পাটেলেও সমৰ্থকৰ এনে শ্লোগান আৰু পৰিচয়ক সন্তুষ্টিৰ হাঁহি মাৰে।এই অনুষ্ঠানতে নানা পাটেলে প্ৰকাৰন্তৰে নিজকে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে। তেওঁ কয়, নিৰ্বাচনৰ ভোটগ্ৰহণে ইংগিত দিছে সকলোতকৈ অধিক আসনত কংগ্ৰেছেই জয়ী হ'বলৈ আগবাঢ়িছে।

এইবাৰ মহাৰাষ্ট্ৰৰ মুঠ ২৮৮ খন আসনৰ ভিতৰত ''মহা বিকাশ আঘড়ী'' জোঁটৰ কংগ্ৰেছে ১০২ খন আসনত প্ৰতিদ্বন্দিতা কৰিছে। শিৱসেনা (উদ্ধৱ)ই ৯২ খন, এন চি পি (শাৰদ পাৱাৰ)-এ ৮৬ খন আসনত প্ৰতিদ্বন্দিতা কৰিছে।

কিন্তু নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ'ব সেই কথা আনুষ্ঠানিকভাৱে ঘোষণা নকৰিলে। সেয়ে এতিয়া নানা পাটেলে অতি কৌশলেৰে নিজকে মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিলে।

অৱশ্যে এই কথাও স্পষ্ট যে মহা বিকাশ আঘড়ী ক্ষমতালৈ আহিলে, শিৱসেনা (উদ্ধৱ) ঠাকৰে গোটেও কোনো কাৰণতে মুখ্যমন্ত্ৰীৰ আসনখন এৰি নিদিয়ে। পাঁচবছৰৰ পূৰ্বে ৰাজ্যখনত উদ্ধৱ ঠাকৰেৰ নেতৃত্বতে চৰকাৰ গঠন হৈছিল।

সেই সময়ত অবিভক্ত শিৱসেনা আৰু এন চি পিৰ মহাবিকাশ আঘাড়ী গোটত চামিল হৈছিল কংগ্ৰেছ। উপ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিছিল শাৰদ পাৱাৰৰ ভতিজা তথা এন চি পিৰ নেতা অজিত পাৱাৰে। 

যিহেতু অজিত পাৱাৰ গোট বিজেপিত চামিল হৈছে সেয়ে এন চি পি (শাৰদ পাৱাৰ) গোটৰ কোনো নেতা এইবাৰ মহা বিকাশ আঘড়ীৰ মুখ্যমন্ত্ৰীৰ দৌৰত নাই। সেয়ে স্বাভাৱিকতে শিৱসেনা (উদ্ধৱ ঠাকৰে) গোটেই মুখ্যমন্ত্ৰী পদৰ প্ৰৱল দাবী উত্থাপন কৰিব।

এই প্ৰসংগত দলটোৰ নেতা সঞ্জয় ৰাউটে কয়, কংগ্ৰেছৰ যি সিদ্ধান্ত হ’ব সেয়া দলটোৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীয়েহে ল’ব। তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি  নানা পাটেলৰ মন্তব্যক এইদৰেই গুৰুত্বহীন কৰিলে।

ইফালে ক্ষমতাত থকা বিজেপি, শিৱসেনা (একনাথ সিন্দে), এন চি পি (অজিত পাৱাৰ)ৰ মহাজুটিৰ ভিতৰতো মুখ্যমন্ত্ৰী কেন্দ্ৰীক যুঁজখন তীব্ৰতৰ হৈ পৰিছে। ২০২২ ত শিৱসেনাৰ একনাথ সিন্দে গোটে বিজেপিৰ সমৰ্থনত চৰকাৰ গঠন কৰিছিল।

একনাথ সিন্দে মুখ্যমন্ত্ৰী হোৱাৰ বিপৰীতে বিজেপি নেতা দেৱেন্দ্ৰ ফাডনাৱিছ উপ-মুখ্যমন্ত্ৰী হৈছিল। পাছত এন চি পিৰ অজিত পাৱাৰ গোটো তেওঁলোকৰ সৈতে চামিল হয় আৰু অজিত পাৱাৰো উপ-মুখ্যমন্ত্ৰী হয়।

এইবাৰ বিজেপি শিবিৰৰ লগতে আৰ এছ এছে দেৱেন্দ্ৰ ফাড়নবিছক মুখ্যমন্ত্ৰী হোৱাটো বিচাৰিছে। কিন্তু একনাথ সিন্দে গোটে স্পষ্ট কৰি দিছে তেওঁলোকৰ নেতা একনাথ সিন্দে। তেঁৱেই হ’ব মুখ্যমন্ত্ৰী।

যদিহে তেওঁক মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰা নহয় তেন্তে সিন্দে গোটে অন্য চিন্তা কৰিবলৈয়ো কুণ্ঠাবোধ নকৰিব বুলি সকিয়াই  দিছে। শুকুৰবাৰে সিন্দে গোটৰ এগৰাকী মুখপাত্ৰই কয়, আমাৰ নেতা সিন্দে। তেওঁ যি সিদ্ধান্ত ল’ব দলে সেই সিদ্ধান্তই মানি চলিব। 

মহাৰাষ্ট্ৰ বিজেপি কংগ্ৰেছ শিৱসেনা