ডিজিটেল ডেস্কঃ বিজেপিত নৰেন্দ্ৰ মোডীৰ উত্তৰাধিকাৰী কোন? নৰেন্দ্ৰ মোডীৰ পাছত বিজেপিৰ প্ৰধানমন্ত্ৰীৰ মুখ কোন হ’ব? এই প্ৰশ্ন শেহতীয়াকৈ বাৰে বাৰে উত্থাপন হৈছে। লোকসভা নিৰ্বাচনৰ পূৰ্বেও চৰ্চা হৈছিল এই বিষয়ে।
শেহতীয়াকৈ এই সন্দৰ্ভত ইণ্ডিয়া টুডে’য়ে চলোৱা এক সমীক্ষাত ইয়াৰ এক ইংগিত পোৱা গৈছে। বিজেপি সমৰ্থকসকলৰ মাজত চলোৱা সমীক্ষা অনুসৰি গৰিষ্ঠ সংখ্যকেই ভাবে মোডীৰ পাছত বিজেপিৰ প্ৰধানমন্ত্ৰীৰ দাবীদাৰ হ’ব অমিত শ্বাহ।
সমীক্ষাত প্ৰকাশ পোৱা মতে মুঠ ২৫ শতাংশ বিজেপি সমৰ্থকে ভাবে মোডীৰ উত্তৰসুৰী অমিত শ্বাহ। এই সমীক্ষা অনুসৰিয়েই মুঠ ১৯ শতাংশ লোকে ধাৰণা কৰে নৰেন্দ্ৰ মোডীৰ উত্তৰসুৰী উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। ১৩ শতাংশই ধাৰণা কৰে মোডীৰ উত্তৰসুৰী হ’ব পাৰে পথ, পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী।
৫ শতাংশ লোকে মোডীৰ উত্তৰাধিকাৰী বুলি ভাবে শিৱৰাজ সিং চৌহান আৰু ৰাজনাথ সিঙক। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বৰ্তমান বয়স ৭৩ বছৰ। বিজেপিৰ নিয়ম অনুসৰি ৭৫ বছৰ বা তাতকৈ অধিক বয়সৰ নেতাসকলক দলীয়া কৰ্তব্যৰ পৰা আঁতৰাই দলৰ মাৰ্গদৰ্শকমণ্ডলীত ৰখা হয়।
সেই অনুসৰি মোডীয়ে তৃতীয়কাৰ্যকালৰ দায়িত্ব গ্ৰহণৰ ২ বছৰৰ পাছতে প্ৰধানমন্ত্ৰী পদ এৰিব লাগে। কিন্তু এই বিতৰ্কত বিজেপি নেতৃত্বই স্পষ্টকৈ জনাই দিছে নৰেন্দ্ৰ মোডীৰ ক্ষেত্ৰত তেনে কোনো নীতি প্ৰযোজ্য নহ’ব।
মন কৰিবলগীয়া যে, নৰেন্দ্ৰ মোডী, অমিত শ্বাহেই এই নীতিৰ আধাৰত বিজেপিৰ বহু জ্যেষ্ঠ নেতাক দলীয় দায়িত্বৰ পৰা আঁতৰাই মাৰ্গদৰ্শক হিচাপে ৰাখিছিল। যদিও নৰেন্দ্ৰ মোডীৰ ক্ষেত্ৰত এই নীতি কাৰ্যকৰী নহয় তথাপিও বিজেপিয়ে যে মোডীৰ বিকল্প চিন্তা কৰা নাই তেনে নহয়।
মোডীৰ উত্তৰসুৰী কোন হ’ব সেয়া ইতিমধ্যে দলৰ ভিতৰত আলোচনা হৈছে। এই আলোচনাত বৰ্তমানৰ দলত থকা প্ৰভাৱৰ বাবেই অমিত শ্বাহৰ নাম চৰ্চাত আছে যদিও তেওঁক ইয়াৰ বাবে বহু জ্যেষ্ঠ নেতাই যোগ্য বুলি ভবা নাই। তাৰ পৰিৱৰ্তে বয়স হ’লেও শিৱৰাজ সিং চৌহান, নীতিন গাডকাৰীৰ নামহে চৰ্চা হৈছে। যুৱ নেতৃত্বৰ ভিতৰত উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথো চৰ্চালৈ আহিছে।