/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/dc9040d7-a5b7-42e6-9b12-deb725c50d84/ecd52b24_80fa_4a90_ac25_dcd50da2b4ff.jpg)
ডিজিটেল ডেস্ক: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত দেশৰ কেইবাগৰাকী বিশেষ প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। ইয়াৰ ভিতৰত আছে ৱায়নাড সমষ্টিত ৰাহুল গান্ধী, শশী থাৰুই তিৰুৱন্তপুৰম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
একেদৰে মোহময়ী অভিনেত্ৰী হেমা মালিনীয়ে মথুৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আনহাতে মিৰাটৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অৰুণ গোবিল(ৰামচন্দ্ৰ)ই।
হাইপ্ৰফাইল প্ৰাৰ্থী ভুপেশ বাঘেলে ৰাজনন্দগাঁওৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ইফালে নৱনীত ৰাণাই অমৰাৱতী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
ইয়াৰোপৰি এই বিশেষ প্ৰাৰ্থীৰ তালিকাত আছে তেজস্বী সূৰ্যা, এইচ ডি কুমাৰ স্বামী আৰু ওম বিৰলাৰ দৰে হাইপ্ৰফাইল ৰাজনীতিক। এই তিনিওগৰাকী প্ৰাৰ্থীয়ে ক্ৰমে দক্ষিণ বাংগালুৰু,মাণ্ডা আৰু কোটাৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এইসকল হেভীৱেট প্ৰাৰ্থীকলৈ নানা সমীকৰণ চলিছে বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে। আজি ইভিএমৰ বুটামত এইসকল বিশেষ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব।
Also Read: লোকসভা নিৰ্বাচন ২০২৪ঃ দ্বিতীয় পৰ্যায়ৰ ৬১গৰাকী প্ৰাৰ্থী কোন কোন, সবিশেষ পঢ়ক...