/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/af6bd67a-80cf-46db-858a-ee48a30a61ab/cough_syrup.jpg)
ডিজিটেল ডেস্ক : বিশ্ব স্বাস্থ্য সংস্থাই মেইডেন ফাৰ্মাচিউটিকেল অৱ ইণ্ডিয়াৰ দ্বাৰা তৈয়াৰী ৪ কফ চিৰাপলৈ জাৰি কৰিলে 'মেডিকেল প্ৰডাক্ট এলাৰ্ট' । এই কফ চিৰাপৰ ফলতেই বৃক্কৰ সংক্ৰমণ হৈ ইতিমধ্যেই গাম্বিয়াত ৬৬ টা শিশুৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ।
এই সন্দৰ্ভত, বিশ্ব স্বাস্থ্য সংস্থাই সংবাদ মেলৰ সন্মুখত প্ৰকাশ কৰা তথ্য অনুসৰি কফ চিৰাপ ৪টাত অতিৰিক্ত পৰিমাণৰ ডাইথেলেন গ্লাইকল আৰু ইথাইলেন গ্লাইকল আছিল । বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ডা০ টেড্ৰছৰ ভাষ্য অনুসৰি বৃহস্পতিবাৰে এই ৪টা কফ চিৰাপৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰি অধিক অনুসন্ধান কৰিবলৈ দিয়া হৈছে ইয়াৰ ওপৰিও, বিশ্বৰ আন যি সমূহ দেশত এই ঔষধ কেইটা ৰপ্তানি হোৱাৰ সন্দেহ আছে তেনে দেশ সমূহক সতৰ্ক হ'বলৈও আহ্বান জনাই সঞ্চালক প্ৰধান গৰাকীয়ে ।
উল্লেখ্য যে, ডাইথেলেন গ্লাইকল হৈছে গ্লিচাৰিনৰ সস্তীয়া পৰিপূৰক । বৃহৎ পৰিমাণৰ উদ্যোগিক উৎপাদনত সময়ে সময়ে ব্যৱহাৰ হৈ আহিছে ডাইথেলেন গ্লাইকল । কিন্তু ডাইথেলেন গ্লাইকল হৈছে নেফ্ৰ'টক্সিক আৰু ই একে সময়তে কেইবাটাও অংগ বিকল কৰি তুলিব পাৰে ব্যৱহাৰকাৰীৰ শৰীৰত, বিশেষকৈ শিশুৰ ।
তেনেস্থলত ভাৰতীয় স্বাস্থ্য সংস্থাই কিহৰ ভিত্তিত অনুমতি প্ৰদান কৰিলে এই ৪টা কফ চিৰাপ ব্যৱসায়িক ৰূপত বজাৰলৈ মুকলি কৰি দিয়াত ?
বিশ্বৰ দ্বিতীয় বৃহৎ জনসংখ্যাৰ দেশ ভাৰতত ঔষধ নিৰ্মাণকাৰী সংস্থা সমূহে চলোৱা দুৰ্নীতি আৰু অসাৱধানতাৰ এয়াই প্ৰথম উদাহৰণ নহয় । ইয়াৰ পূৰ্বেও বহু কেইটা দুৰ্নীতি ফাদিল হোৱাত প্ৰমাণ হৈছিল যে দেশত ঔষধৰ দুৰ্নীতিৰ শিপাডাল বহু দ' । কেৱল কফ চিৰাপতেই সীমাবদ্ধ নহয় ইয়াৰ পৰিসীমা । সস্তীয়া ৰাসায়নিক পদাৰ্থৰে উৎপাদন কৰা ঔষধ সমূহৰ পাৰ্শ্বক্ৰিয়াত প্ৰতি বছৰেই দেশত মৃত্যু হয় হেজাৰ হেজাৰ লোকৰ ।
এতিয়া প্ৰশ্ন হয়, ১৩৮ কোটি জনসংখ্যাৰ এখন দেশত সাধাৰণতে চিকিৎসকৰ পৰামৰ্শ অবিহনেই গ্ৰহণ কৰা কফ চিৰাপ, জ্বৰৰ ঔষধ আদিত যদি এনে ঘাটক পদাৰ্থ ব্যৱহাৰ কৰা হয় কেৱল মুনাফাৰ আশাত তেন্তে পৰৱৰ্তী সময়ত কোনে দ্বায়িত্ব ল'ব ৰোগীৰ মৃত্যুৰ ?